stories in assamese:Porinoti

stories in assamese

stories in assamese

পৰিণতি(গল্প)

stories in assamese

(stories in assamese)

নিজৰ বৃদ্ধ বৰদেউতাকক হত্যা কৰি কাৰাবাস খটা শোভন আজি ১০ বছৰৰ মূৰত পুনৰ গাৱঁলৈ ওভতি আহিছে।৪২ বছৰীয়া ডেকাটো ৬০ বছৰীয়া যেন চেহেৰাটো লৈ ঘৰলৈ ওভতি আহিছে।চুলি-দাড়ি তাৰ সম্পূৰ্ণ বগা হৈ পৰিছে।গাটো তাৰ ভাগি পৰিছে।মুখত তাৰ এতিয়াও সেই চিৰ পৰিচিত হাঁহিটি বিদ্যমান।
গাঁৱলৈ ওভতি আহিছে হয়,কিন্তু তাৰ এতিয়া থাকিবলৈ গাৱঁত ঘৰ এটাও নাই।ভেটিৰ মাটিৰ আধাতকৈ বেছি অংশ সি নিজেই ঘৰে সৈতে ইতিমধ্যেই বিক্ৰী কৰিলে।এচিটা মাটি মাথোঁ আছে তাৰ নিজৰ বুলিবলৈ।ঘৈণিয়েকে আগতেই তাক এৰি গুছি গৈছে পোৱালী দুটাৰ সৈতে মাকৰ ঘৰলৈ। বৰমাকৰ নিজৰ মাতৃগৃহতে ইতিমধ্যে মৃত্যু হৈছে। নিজৰ এটা সন্তানকো সি দিঙি মুচাৰি হত্যা কৰিব খুজিছিল মদৰ নিচাত, কিন্তু সৌভাগ্যবশতঃ সি বাছি গ’ল।সি অহাৰ খবৰটো পোৱাৰ লগে লগে গাৱঁত হাহাকাৰ লাগিল।কাৰণ, মদ খোৱাৰ বদ অভ্যাসটো তাৰ আগৰ পৰা আছিলেই,এতিয়া অভাবত পৰি যদি সি চৌৰ্যবৃত্তিত লিপ্ত হয়, তেন্তে সৰ্বনাশ হ’ব।সেই ভয়তেই ত্ৰস্তমান হৈ গাওঁবাসীয়ে ৰাজহুৱা নামঘৰত এখন ৰাইজমেল পাতিলে।ৰাইজমেললৈ তাকো মতা হ’ল।

:চা ল’ৰা,১০ বছৰ নিজৰ পাপৰ ফল ভুগি তই ওভতি আহিছ, এতিয়া ভালদৰে চলিলেই হ’ল আৰু।অভাবত পৰি তই আকৌ চৌৰ্যবৃত্তিত লিপ্ত নহ’বি।এটা মানুহহে,হাজিৰা কৰি সহজেই নিজৰ পেট পোহপাল দিব পাৰিবি।আৰু এটা কথা ,নিচা খোৱা অভ্যাসটো তই বাদ দিব লাগিব।নিচা খালেই তই জন্তু হৈ পৰ’।তোৰ বাবে যাতে ৰাইজৰ একো অমংগল নহয়,সেইটো কথা তই সদায় মনত ৰাখিবি।আৰু তই যেতিয়ালৈকে নিজৰ বাবে ঘৰ সাজি ল’ব নোৱাৰ’,তেতিয়ালৈকে তই গাৱঁৰ এল পি স্কুলৰ ৰান্ধনী ঘৰটোতে থাকিব পাৰিবি। বুজিলি??

ৰাইজৰ এজন জ্যেষ্ঠ ব্যক্তিয়ে শোভনক উদ্দেশ্যি বুজনি দিলে।শোভনে হয়ভৰ দি মূৰ জোকাৰিলে।মেলত ৰাইজৰ বাকী মানুহবোৰেও তাক নানা কথা ক’লে,উপদেশ দিলে।সকলো সি নীৰৱে শুনি গ’ল।সভাৰ উদ্দেশ্য পূৰণ হোৱাৰ পিছত সভা ভংগ হ’ল।সকলো ঘৰাঘৰি গ’ল।…শোভন এজন বৰ অমায়িক ল’ৰা আছিল।তাৰ মাটি-সম্পত্তি ও যথেষ্ট আছিল।কিন্তু সকলো বেচি সি কিয় হত্যাকাৰী হ’ল,মদাহী হ’ল, তাৰ আঁৰতো আছে এক কৰুণ কাহিনী।

শোভনৰ মাক-দেউতাকক বিয়াৰ পিছতে শোভনৰ বৰদেউতাকে বেলেগ কৰি দিছিল।দুৰ্ভাগ্যবশতঃ শোভনৰ দেউতাকৰ শোভন আৰু তাইৰ ভনীয়েক লিলিৰ জন্মৰ ৫ বছৰ পিছতে মৃত্যু হয়।এই সময়তোলৈকেই যেন বাট চাই আছিল শোভনৰ বৰদেউতাক আৰু বৰমাকে!!এই দুখৰ সময়তে চৰম নিষ্ঠুৰতাৰ পৰিচয় দি আৰু স্বাৰ্থপৰতাৰ পৰিচয় দি সন্তানহীন বৰদেউতাক আৰু বৰমাকে শোভনৰ মাকৰ বুকুৰ পৰা দুয়োটি সন্তানক কাঢ়ি লৈ মাকক ঘৰৰ পৰা খেদি পঠিয়ালে।(“নিজ মাতৃৰ বুকুৰ পৰা সন্তান কাঢ়ি সন্তানহীনতাৰ দাগ গুচোৱাতকৈ চিৰদিন সন্তানহীন হৈ থকাই শ্ৰেষ্ঠ!!”) স্বামীক হেৰুৱাই নিঠৰুৱা হৈ পৰা শোভনৰ মাকক বৰদেউতাক আৰু বৰমাকে মৰম আৰু আপোনত্বৰ উম দি মানসিক সাহস দিয়াৰ সলনি এই সময়খিনিকে নিজৰ নিকৃষ্ট স্বাৰ্থ পূৰণ কৰাৰ সুযোগ হিচাপেহে বাচি ল’লে।বেচেৰী লেঙেৰী মাকে অসহায় হৈ কান্দি-কাতি মাকৰ ঘৰলৈ গুচি গ’ল।মমতাময়ী প্ৰকৃতি ও যেন ভাবুক হৈ পৰিল সেই নিষ্ঠুৰতা দেখি!!

হাজাৰ হ’লেও মাকৰ মমতা।নিজৰ সন্তান দুটিৰ মুখ চোৱাৰ দুৰ্বাৰ হেঁপাহক বান্ধি ৰাখিব নোৱাৰি যেতিয়াই পাৰে তেতিয়াই তাই লেঙেৰাই লেঙেৰাই মাকৰ ঘৰৰ পৰা স্বামীৰ ঘৰৰ পদূলিমুখলৈকে আহে নিজৰ সন্তানৰ মুখনি চাবলৈ।কিন্তু শোভনৰ বৰমাকে শোভনৰ মাকক দেখিলেই শোভনক শিল লৈ নিজৰ মাককে মাৰিবলৈ কয়।ভূল-শুদ্ধ বিচাৰ কৰিব নোৱাৰা ৫-৬ বছৰীয়া শোভনে ও বৰমাকৰ কথামতেই নিজৰ মাকক শিলগুটি মাৰি খেদি পঠিয়াই।অতি মৰ্মান্তিক সেই দৃশ্য!!বাৰে বাৰে পুতেকে মৰা শিলগুটিৰ আঘাত খাইয়ো নিজৰ সন্তানক চাবলৈ তাই আহিয়ে থাকিল।এইয়াই এগৰাকী মাকৰ মৰম সন্তানৰ প্ৰতি।এনেইনো কয়নে,”আইৰ সমান হ’ব কোন,নৈৰ সমান ব’ব কোন!”

সেই দুঃসময় পাৰ কৰি শোভন ডাঙৰ হ’ল,সকলো কথা বুজা হ’ল।ওচৰ-চুবুৰীয়াৰ মুখেৰে সি গম পালে মাকৰ ওপৰত বৰদেউতাক-বৰমাকে কৰা সকলো অত্যাচাৰৰ কথা,সি নিজৰ মাককে শিলগুটি মাৰি খেদোৱাৰ কথা।সকলো কথা গম পোৱাৰ পিছত প্ৰথমবাৰ তাৰ অন্তৰাত্মাৰ মৃত্যু ঘটিল।তাৰ পিছৰ পৰা পদে পদে তাৰ অন্তৰাত্মাক বৰদেউতাক আৰু বৰমাকে বাৰে বাৰে হত্যা কৰি গৈ থাকিল।মানসিক শান্তি নামৰ বস্তুটো বৰদেউতাক আৰু বৰমাকে শোভনক অনুভৱে কৰিব নিদিলে।নিজৰ মাক-দেউতাকৰ নিচিনা মৰম ক’ত বেলেগে কৰিব পাৰে।

দশম মান লৈকে পঢ়ি শোভন হোমগাৰ্ডৰ চাকৰিত সোমাল।ভনীয়েকৰ বিয়া ইতিমধ্যে হৈ গৈছিল চহৰৰ ব্যৱসায়ী এজনৰ লগত।চাকৰত  সোমায়েই শোভন নিজৰ মাকৰ সন্ধানত নামি পৰিল।মাতৃ মৰমৰ পৰা বঞ্চিত তাৰ মন মাতৃ মৰমৰ বাবে আতুৰ হৈ পৰিছিল।বহু বিচাৰ-খোচাৰ কৰি সি মাকক এদিন বিচাৰি পালে। ৰাইজৰ নামঘৰৰ এচুকত নৰীয়া গাত মাক পৰি আছিল।কোনো নাছিল তাত মাকক চাবলৈ।মাকৰ এনে দুৰ্গতি দেখি তাৰ অন্তৰে কান্দি উঠিল।পুতেকক কাষত দেখি মাকৰ মুখ আৰু চকুত অনাবিল হাঁহি জিলিকি উঠিল।মুৰে-গায়ে হাত ফুৰাই মাকে পুতেকক মৰম কৰিলে।জীয়েকৰ খবৰো ল’লে তাই পুতেকৰ পৰা।এক মিনিটো সি মাকক তাত থাকিবলৈ নিদি নিজৰ লগত লৈ আনিলে।চিকিৎসকৰ হতুৱাই মাকৰ চিকিৎসা কৰালে,মাকৰ সেৱা-সুশ্ৰুষা কৰিলে দিন-ৰাতি একাকাৰ কৰি, কিন্তু মাক বেছিদিন জীয়াই নাথাকিল।নিজৰ সন্তানৰ পৰা আজীৱন বিচ্ছেদ হোৱাৰ বেদনা লৈয়ে মাক এই জগতৰ পৰা গুচি গ’ল।স্বাৰ্থপৰ এই জগত তাইৰ বাবে নাছিল।ভগবানে তাইক নিজৰ কাষলৈ মাতিলে।

মাকৰ মৰম শোভনৰ কপালত নাছিল।আছিল মাথোঁ মানসিক কষ্টৰ ওপৰত কষ্ট!!মাতৃ বিয়োগৰ দুখ সি বহু কষ্টৰে সহ্য কৰিলে।..সকলোৰে জীৱনত আগমণ হোৱাৰ দৰে তাৰ জীৱনতো এদিন প্ৰেমৰ আগমণ ঘটিল।সি চাকৰি কৰা ঠাইৰে ছোৱালী এজনীৰ লগত তাৰ প্ৰেমৰ সূত্ৰপাত হ’ল।সিহঁতৰ প্ৰেম দিনে দিনে গভীৰৰ পৰা গভীৰতৰ হ’ল।…এদিন শোভনে তাৰ প্ৰেয়সীৰ বাবে আঙুঠি এটা বনালে।আঙুঠি বনাই প্ৰেয়সীক পিন্ধাই ও আহিলে।পিছে ছোৱালীজনী কোঁচ ছোৱালী বুলি গম পাই বৰমাকে বেলেগ ছোৱালী এজনীৰ লগত শোভনৰ বিয়া ঠিক কৰিলে।শোভনৰ ঘৰৰ মুখৰে ঘৰখনলৈ এজনী ছোৱালী আহি থকা বৰমাকে দেখা পাইছিল।খবৰ কৰি ছোৱালীজনী কলিতা বুলি গম পাই তাইৰ লগতে শোভনৰ বিয়া কৰাৰ সিদ্ধান্ত ল’লে।শোভনক সেইজনী ছোৱালীৰ লগত বিয়াত বহাবৰ বাবে ৰাজী কৰিবৰ বাবে বৰমাকে শোভনক সেইজনী ছোৱালী লগত মিলামিছা কৰালে,শোভনৰ ব্ৰেইনৱাছ কৰিলে।নানা উপাই কৰি অবশেষত শোভনক সেইজনী ছোৱালীৰ ফালে আকৃষ্ট কৰালে।অতি নিকৃষ্ট কাৰ্য্য।শোভনৰ প্ৰেয়সীয়ে কথাটো গম পাই খঙতে এদিন শোভনৰ ঘৰলৈ লগত দুটা ল’ৰা লৈ আহি সি দিয়া আঙুঠিটো ঘূৰাই দি থৈ গ’ল।শেষত বৰমাকে বিচৰা সেইজনী ছোৱালীৰ লগতে শোভনৰ বিবাহ সম্পন্ন হ’ল।

বিয়াৰ দুই-তিনিবছৰ ঠিকেই থাকিল।শোভনৰ প্ৰাক্তন প্ৰেয়সীৰ বায়েকৰ বিয়া শোভনৰ গাৱঁতে হৈছিল।সেয়ে মাজে সময়ে নিজৰ প্ৰাক্তন প্ৰেয়সীক সি দেখি থাকে।
প্ৰাক্তন প্ৰেয়সীক দেখি দেখি তাৰ বুকুখনে কান্দিব ধৰিলে।খঙতে সি নিজৰ দুখবোৰ পাতলাবলৈ নিচা খাবলৈ ল’লে।নিচা খাই আহি সি প্ৰায়ে পত্নী,বৰমাক আৰু বৰদেউতাকক মাৰধৰ কৰিব ধৰিলে।মাটি-বাৰী, বেচিব ধৰিলে।লাহে লাহে সি মানুহৰ পৰা জন্তু হ’বলৈ ধৰিলে।তাৰ অত্যাচাৰ ভয়ানকৰ পৰা অতি ভয়ানক হৈ পৰিল।আৰু এদিন সদায় অহাৰ দৰে মদ খাই আহি সি পত্নী, বৰদেউতাক আৰু বৰমাকক মাৰধৰ কৰিব ধৰিলে।তাৰ অত্যাচাৰ সহিব নোৱাৰি সদায় যোৱাৰ দৰে কাষৰ ঘৰলৈ বৰমাক আৰু ঘৈণিয়েক পলাই গ’ল,কিন্তু বৃদ্ধ বৰদেউতাক আৰু ল’ৰা-ছোৱালী দুটা তাৰ কবলৰ পৰা মুক্ত হৈ পলাই যাবলৈ সক্ষম নহ’ল।বৰমাকে ওচৰ-চুবুৰীয়াক কাকুতি-মিনতি কৰিব ধৰিলে নিজৰ স্বামীক ৰক্ষা কৰিবলৈ কাৰণে, কিন্তু কোনেও তাৰ কাষলৈ যাবলৈ সাহস নকৰিলে। সেইদিনা গোটেই নিশা বৰদেউতাকৰ ওপৰত অত্যাচাৰ চলিল আৰু শেষত দিঙি চেপি বৰদেউতাক সি হত্যা কৰিলে।পুতেকৰো দিঙি মুচাৰি দিলে।মৰিল বুলি ভাবি তাক তাতে পেলাই দিলে।জীয়েকক সি একো নকৰিলে।বৰদেউতাকক হত্যা কৰি সি ৰাতিয়ে কুঁৱাত পেলাই দিলে।পিছদিনা ৰাতিপুৱা সি কুঁৱা ওচৰত ৰৈ ওপৰলৈ চাই চিঞৰিবলৈ ধৰিলে, “চা মা,তোৰ বুকুৰ পৰা তোৰ দুই সন্তানক কাঢ়ি অনা এটা অপৰাধীক আজি মই তাৰ কৰ্মৰ উচিত শাস্তি দিলোঁ।মা…..তই শুনিছনে মোৰ মাত!!” নিজৰ হৃদয়ৰ পঞ্জীভূত আবেগৰ বৰ্হিপ্ৰকাশ কৰি সি চিঞৰি উঠিল।শোভনক গাৱঁবাসীয়ে পুলিচৰ হাতত গতালে।ওচৰ-চুবুৰীয়া সকলোৱে মিলি মৰাশটো কুঁৱাৰপৰা তুলি আনিলে।বৰমাকে হিয়া ঢাকুৰি কান্দিলে।বৰতাক আৰু বৰমাকৰ ঘৃণনীয় কৰ্মৰ এই দুখলগা পৰিণতি হ’ল।

অপৰাধীৰ জন্ম নহয়,সৃষ্টি হে হয়।অৰ্থাৎ ,কোনো লোক জন্মগতভাৱে অপৰাধীক প্ৰবৃত্তিৰ নহয়।অপৰাধীক সৃষ্টি কৰে পৰিস্থিতি,সমাজ আৰু পৰিয়ালে-প্ৰত্যক্ষ বা পৰোক্ষভাৱে।সমাজে যদি বৰদেউতাক আৰু বৰমাকৰ ঘৃণনীয় কৰ্মত যথাসময়ত  বাধা প্ৰদান কৰিলে হয়, তেতিয়াহ’লে নিশ্চয় এগৰাকী মাতৃ নিজৰ সন্তানৰ পৰা আঁতৰ হ’ব লগা নহ’ল হয়,শোভন মানুহৰ পৰা জন্তু নহ’ল হয়;হত্যাকাৰী নহ’ল হয়।সমাজৰ ঔৰষতেই এটা হত্যাকাৰীৰ জন্ম হ’ল,এটা অপৰাধীৰ জন্ম হ’ল।ধিক্কাৰ এনে সমাজৰ দায়িত্বজ্বানহীনতাক!!

©️প্ৰাঞ্জল কেওঁট

To read my other story:Click here

To read various news:Click here

stories in assamese

stories in assamese

stories in assamese

Share this post...
Share on Facebook
Facebook
Tweet about this on Twitter
Twitter
Email this to someone
email

Related Post

One Reply to “stories in assamese:Porinoti”

Leave a Reply

Your email address will not be published. Required fields are marked *