Short Story in Assamese Language:xiddhanta mon sui jua eti golpo

Assamese short stories

short story in assamese language

সিদ্ধান্ত(গল্প)

 

short story in assamese language

(short story in assamese language)

নিজৰ ডাঙৰ জনী জীয়েকক তাইৰ পচন্দৰ ল’ৰালৈ বিয়া দি দেউতাক প্ৰশান্ত বৰুৱা আজি বৰ সুখী।নিজৰ সাধ্যনুসাৰে ধুমধামেৰে বৰ জীয়েকৰ বিয়াখন পাতিলে।জোৱায়েকে চহৰত উচ্চপদত চৰকাৰী চাকৰী কৰে।তাৰ পৰিয়াল চহৰৰ আঢ্যবন্ত পৰিয়ালৰ ভিতৰত পৰে।প্ৰসাদোত্তম অট্টালিকা,২-৪ খন বিলাসী গাড়ী,চাকৰ-বাকৰে গিজগিজাই থাকে সিহঁতৰ ঘৰ।ইফালে প্ৰশান্ত বৰুৱাৰ আসাম টাইপৰ ঘৰ।প্ৰাইমাৰী স্কুলত শিক্ষকতা কৰি সাধাৰণভাবে জীৱন নিৰ্বাহ কৰি আছে সিহঁতে।

 

… “ডাঙৰ ছোৱালী আমাৰ এই ঘৰলৈ জোঁৱাইৰ সৈতে ফুৰিব আহিলে লাজত পৰিব লাগিব ঘৰৰ অৱস্থা দেখি।…নাই নাই এইটো হ’ব দিব নোৱাৰোঁ।দামী দামী ফাৰ্ণিচাৰ কিনিব লাগিব,দামী গাড়ী কিনিব লাগিব ই এম আইত।মুঠতে তাইৰ ঘৰৰ সৈতে আমি নিজৰ ষ্টেণ্ডাৰ্ড মিলাবলৈ যিখিনি কৰিব লাগে সকলোখিনি কৰিম, কিন্তু মোৰ জীক কাৰো আগত লাজত পৰিব নিদিওঁ !!” প্ৰশান্ত বৰুৱাই মনতে সিদ্ধান্ত ল’লে।আৰু এই সিদ্ধান্তৰ কথা পত্নী পল্লবীক ক’লে।পিছে পত্নীৰ মনঃপুত নহ’ল স্বামীৰ এই সিদ্ধান্তটো।

“…আপুনি নিজৰ বিবাহিত জীৰ কথাহে ভাবিছে।আপুনি এইটো পাহৰি গ’ল নেকি যে আমাৰ এজনী সৰু জীও আছে।আপুনি এনেকৈ জোৱাইৰ ঘৰৰ লগত ষ্টেণ্ডাৰ্ড মিলাবলৈ গৈ নিজৰ সৰুজনী জীৰ ভবিষ্যত কিয় অন্ধকাৰৰ ফালে ঠেলিব বিছাৰিছে।..ইমান খৰছ যদি আপুনি কৰে তেন্তে সৰুজনীৰ বিয়া জানো আপুনি ভালদৰে দিব পাৰিব!!…জোঁৱাইহতৰ পৰিয়ালৰ ইনকাম আমাতকৈ বহু বেছি।আমি আমাৰ সীমাবদ্ধতা জনা উচিত। ” পত্নীয়ে স্বামীক বুজাবলৈ চেষ্টা কৰিলে।

“…তুমি ঠিকেই কৈছা ,কিন্তু মোৰ দৃষ্টিৰেও এবাৰ চোৱা বিষয়টো।এজন পিতৃ হিচাপে নিজৰ জীক কেনেকৈ আনৰ সন্মুখত লজ্জানত হ’বলৈ দিওঁ।নিজৰ জীক জোঁৱাইহঁতৰ ঘৰত লজ্জানত হোৱাৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে জীয়াই জীয়াই মই মৰি থাকিম অ’ !!”… চলচলীয়া চকুৰে আৰু থোকাথুকি মাতেৰে প্ৰশান্তই পল্লবীক ক’লে।…স্বামীৰ মনঃস্থিতি পত্নীয়ে বুজি পালে। স্বামীৰ মনঃস্তিতি বুজি পত্নী ভাবুক হৈ পৰিল।কি ক’ব গিৰিয়েকক তাই সেইটো মনে মনে ভাবিব ধৰিলে।ক্ষন্তেকৰ মৌনতা কোঠাত। 

“….চাওক, আমি আমাৰ ডাঙৰ সম্পদ নিজ জীক তেওঁলোকৰ ঘৰলৈ দিছোঁ কলিজাত পাথৰ ৰাখি।এইটো কি কম কথা।আৰু তেওঁলোকেটো আমাৰ আৰ্থিক অৱস্থা জানিয়েই আমাৰ জীক বিয়া কৰাইছে।এতিয়া কিহৰ লাজ !আৰু চাওঁক,সত্যতা হ’ল প্ৰজ্বলিত শিখাৰ দৰে।সেই প্ৰজ্বলিত শিখাক মিথ্যাৰ ক’লা কাপোৰেৰে ঢাকি ৰাখিব পাৰিব জানোঁ আপুনি!!…এইটো চিন্তা পৰিত্যাগ কৰক আৰু সৰু জীৰ বিবাহৰ বাবে টকা জমা কৰক এতিয়াৰ পৰাই।…৪-৫ বছৰ পিছত তাইকোটো বিয়া দিব লাগিব ধুমধামেৰে।সৰু জীৰ বিবাহৰ আয়োজনত কিবা বাধা আহিলে তাই বৰ কষ্ট পাব।…তাই ভাবিব “বাৰ বিবাহ ইমান ভালকৈ হৈ গ’ল,মোৰ বিয়াতহে এইবোৰ হৈছে!!”পল্লবীয়ে স্বামীক ভালদৰে বুজালে।পত্নীৰ বুজনীত স্বামীয়ে বুজি পালে কথাবোৰ।

“…এৰা তুমি ঠিকেই কৈছা,ডাঙৰ জীৰ পৰিয়ালৰ আগত নিজৰ আৰ্থিক স্থিতি লুকুৱাৰ কোনো যুক্তি নাই।সত্যতাক সকলোৰে আগত দেখুৱাবলৈ কেতিয়াও লাজ কৰিব নালাগে।শিক্ষক হৈও বুজা নাছিলোঁ কথাটো।..তুমি শিক্ষকৰ দৰে মোক কথাবোৰ বুজাই মোৰ দৃষ্টিভংগী সলনি কৰিলা।নহ’লে মই এটা ভূল সিদ্ধান্ত ল’লোহেতেন।ধন্যবাদ তোমাক তাৰবাবে!!..তোমাৰ নিচিনা এগৰাকী মানসিকভাৱে পৰিপক্ক মহিলাক পত্নী হিচাপে পাই মই আজি সৌভাগ্যৱান মানিছো নিজকে।…আনন্দৰে পত্নী পল্লবীক সাৱটি ধৰি প্ৰশান্ত বৰুৱাই ক’লে।

 প্ৰশান্ত বৰুৱাৰ কান্ধৰ পৰা চিন্তাৰ ডাঙৰ বোজা এটা আঁতৰি গ’ল।পত্নী পল্লবীৰ বুজনীৰ ফলত এটা ভূল সিদ্ধান্ত লোৱাৰ পৰা স্বামী ৰক্ষা পৰিল।স্ত্ৰীৰ মহানতাক শব্দৰে বৰ্ণনা কৰিব নোৱাৰি।সাংসাৰীক জীৱনত স্ত্ৰীয়ে স্বামীৰ মাগদৰ্শক হিচাপে কাম কৰে।

            (সমাপ্ত)

©প্ৰাঞ্জল কেওঁট

(short story in assamese language)

For More stories:Click here

For CTET Notes: Click Here

Share this post...
Share on Facebook
Facebook
Tweet about this on Twitter
Twitter
Email this to someone
email

Related Post

16 Replies to “Short Story in Assamese Language:xiddhanta mon sui jua eti golpo”

  1. ” সিদ্ধান্ত” আৰু “স্বাৰ্থপৰ” —প্ৰাঞ্জল কেওঁতদেৱৰ দুয়োটা চুটি-গল্পই পাঠকৰ মন চুই যোৱা । বলিষ্ঠ কাহিনী যদিয়ো বানানৰ প্ৰতি দৃষ্টি দিলে ভাল হয় । “স্বাৰ্থপৰ” গল্পটোত উল্লেখিত ‘স্বাৰ্থপৰ চোলাটো’ৱে ভূপেনদাৰ “মোক এজন ক’লা মানুহ দিয়া , যাৰ ৰক্ত ক’লা ;——-বগা মানুহ দিয়া , যাৰ ৰক্ত বগা ———” লৈ মনত পেলাই দিলে । ~~~~~~~~

Leave a Reply

Your email address will not be published. Required fields are marked *