Short Moral Based Stories:Manobota

short moral based stories

short moral based stories

মানৱতা(গল্প)

short moral based stories

(short moral based stories)

কাঁহিলীপুৱাই বাঁহবাৰী গাঁৱত হুৱাদুৱা লাগিল।হাল বাবলৈ যোৱা এজন হালোৱাই পথাৰৰ মাজত মাথাউৰিৰ  ওপৰত মহিলা এগৰাকীক মুমূৰ্ষু অৱস্থাত প্ৰত্যক্ষ কৰিলে।মহিলাগৰাকীৰ কাপোৰবোৰ ফটা-চিঙা, মুখত আৰু দিঙিত নখৰ আঁচোৰ।বয়স ৩৫-৪০ মানৰ ভিতৰত হ’ব মহিলাগৰাকীৰ। কোনোবা বিকৃত মানসিকতাৰ মানুহে নিৰ্জনতাৰ সুযোগ লৈ ৰাতি মহিলাগৰাকীৰ লগত দুষ্কৰ্ম  কৰি মহিলাগৰাকীক মাথাউৰিতে পেলাই থৈ গৈছে। মহিলাগৰাকীৰ অৱস্থা দেখি সি দৌৰি গৈ চিঞৰি চিঞৰি গাৱঁৰ মানুহবোৰক মাতি আনিলে।

মানৱীয়তাৰ পৰিচয় দি মহিলাগৰাকীক ততাতৈয়াকৈ কাষৰ মেডিকেল কলেজখনলৈ নি চিকিৎসাৰ ব্যৱস্থা কৰিলে গাওঁবাসীয়ে। মানুহবোৰৰ মন সেমেকী উঠিল মহিলাগৰাকীৰ অৱস্থা দেখি।সকলোৱে মহিলাগৰাকীৰ আশু আৰোগ্য কামনা কৰিলে।গাঁৱৰ দুজনমানে পুলিচত খবৰ দিলে।পুলিচ আহি গাওঁবাসীৰ ভাষ্য গ্ৰহণ কৰিলে।তাৰ পিছত ডাক্তৰৰ লগত কথোপকথন কৰি জৰুৰী খবৰ লৈ পুলিচকৰ্মীকেইজন গুচি গ’লগৈ।গাঁৱৰ দুগৰাকীমান মহিলা আৰু দুজনমান পুৰুষ হস্পিতালতে থাকিল আৰু বাকীবোৰ ঘৰাঘৰি গ’লগৈ।

এসপ্তাহমান পাছত মহিলাগৰাকী সম্পূৰ্ণৰুপে সুস্থ হৈ উঠিল।আশ্ৰয়হীনা মহিলাগৰাকীক বাঁহবাৰী গাঁৱৰ অসমীয়া  মানুহবোৰে নিজৰ গাৱঁলৈ লৈ আনিলে।ঘৰৰ ঠিকনা তাইৰ মনত নাই।মানসিক অন্তৰ্দ্বন্দত তাই নিজকে হেৰুৱাই পেলাইছে।আৰ্থিকভাৱে সবল গাৱঁৰ এঘৰ মানুহে তাইক নিজৰ ঘৰত স্থান দি মানৱীয়তাৰ অনন্য নিদৰ্শন দাঙি ধৰিলে।তাইক তাইৰ মানসিক অন্তৰ্দ্বন্দৰ পৰা বাহিৰ ওলাবলৈ ঘৰৰ মানুহখিনিয়ে সম্পূৰ্ণভাৱে সহায় কৰিলে।সকলোৰে পৰা মানসিক সহায় পাই তাইৰ বুকুৰ ঘাঁবোৰ লাহে লাহে শুকাই আহিল।লাহে লাহে দুই এটা কথা পাতিব ল’লে ঘৰৰ মানুহখিনিৰ লগত।এদিন পৰিস্থিতি চাই ঘৰৰ মানুহবোৰে তাইক তাইৰ পৰিচয় সুধিলে।তাই নিজৰ নাম ৰূপালী বুলি ক’লে।প্ৰকৃততে তাই এগৰাকী মুচলিম মহিলা আছিল।কিন্তু এক বিশেষ কাৰণত তাই নিজৰ পৰিচয় উজাগৰ নকৰিলে।তেনেকৈয়ে দিনবোৰ পাৰ হ’বলৈ ধৰিলে।

  ৰূপালী গাঁৱৰ মানুহখিনিৰ লগত মিলি পৰিল।যেতিয়া তাই এই সহজ সৰল মানুহবোৰৰ আগত নিজৰ পৰিচয় লুকুৱাই ৰখাটো অনুচিত বুলি ভাবিলে, তেতিয়া তাই এদিন এক ৰাজহুৱা কামত সকলোৰে আগত নিজৰ প্ৰকৃত পৰিচয় উজাগৰ কৰি দিলে।তাইৰ এই পৰিচয়ে মুহূৰ্ততে সহজ সৰল গাৱঁলীয়া মানুহবোৰৰ চকু-মুখত খঙ আৰু  ঘৃণাৰ ভাব পৰিস্ফুট কৰি তুলিলে।হঠাতে যেন সকলোবোৰ সলনি হৈ গ’ল।যিবোৰ চকু আৰু মুখত তাই তাইৰ প্ৰতি মৰম আৰু দয়া দেখিছিল, সেই চকু আৰু মুখবোৰতে এতিয়া খঙ আৰু  ঘৃণাৰ চাৱনি দেখি তাই হতবাক হৈ পৰিল।এক অজান আশংকাত তাইৰ মন-প্ৰাণ কঁপি উঠিল।

  –“এতিয়াই তই আমাৰ গাৱঁৰ পৰা ওলাই যা।তোক ইমানদিনে আমি মৰমতে আমাৰ গাৱঁত ৰাখিলোঁ,সেৱা-সৎকাৰ কৰিলোঁ, তই আকৌ নিজৰ পৰিচয় লুকাই ৰাখি আমাৰ লগত থাকি আমাৰ ধৰ্ম ভ্ৰষ্ট কৰিলি।এইয়া ফল দিলি তই আমাৰ মৰম আৰু আদৰৰ!!”এজন বয়সীয়াল ভকতে গৰ্জন কৰি উঠিল।

–“চিঃ,চিঃ বহু বেয়া কথা হ’ল।আমাক এই কুলক্ষনীয়ে অশুদ্ধ কৰিলে।এইক এতিয়াই গাৱঁৰ পৰা বাহিৰ কৰি দে।”আন এজন ভকতে গাৱঁৰ ডেকাল’ৰা কেইটামানক নিৰ্দেশ দিলে।

–“নালাগে আপোনালোকে এই অবলাক গাঁৱৰ পৰা উলিয়াই দিবলৈ। মই নিজে গুচি যাম।পৰিচয়হীন এই অবলাক আপোনালোকে যেতিয়া ইমান আদৰ-সাদৰ কৰিলে, আপোনালোকৰ মানৱীয়তা দেখি মই স্বাৰ্থপৰ হৈ পৰিছিলোঁ। সেইবাবে মই নিজৰ পৰিচয় লুকুৱাই ৰাখি ইমানদিনে আপোনালোকৰ লগত থকাৰ ভুলটো কৰিলোঁ । নিজকে আপোনালোকৰে মাজৰ এগৰাকী বুলি ভাবিলোঁ।মোৰ ভূল হৈ গ’ল।মোক ক্ষমা কৰি দিব।”কান্দি কান্দি ফাতিমাই(ৰূপালী)কথাবোৰ ক’লে।তাইৰ কথা শুনি সকলো নিশ্চুপ।তাই আকৌ ক’বলৈ আৰম্ভ কৰিলে,

 –“মই পাহৰি গৈছিলোঁ যে মানৱীয়তাৰ ভাষা ধৰ্ম অনুসৰি সলনি হৈ যায়।মুচলিম মানুহক মানৱীয়তাৰ চকুৰে হিন্দু মানুহে নাচাই।হিন্দুৱে কেৱল হিন্দুকহে মানৱীয়তাৰ চকুৰে চাই।বাকীবোৰ তেওঁলোকৰ চকুত  ঘৃণাৰহে পাত্ৰ।আমিবোৰ কিয় বাৰু ঘৃণাৰ পাত্ৰ আপোনালোকৰ চকুত কওকচোন।কেৱল মুচলিম হোৱাৰ বাবেই!!সকলো ধৰ্মৰ ধৰ্মগ্ৰন্থই মানৱ প্ৰেমৰ কথাইটো কৈছে।কোনোবাখন গ্ৰন্থই জানোঁ ধৰ্ম অনুসৰি মানুহক ঘিণ কৰিবলৈ শিকাইছে।যদি শিকোৱা নাই তেন্তে ধৰ্ম অনুসৰি মানুহক ভাল-বেয়া পোৱাৰ কথাটো আমাৰ মাজত কোনে বিয়পালে??ধৰ্ম অনুসৰি মানৱীয়তাক কোনে ভগালে?…এবাৰ আমাকো মানৱীয়তাৰ চকুৰে চোৱাৰ চেষ্টা কৰি চাবচোন।আপোনালোকৰে মাজৰ এজন বুলি ভাবি আমাক আপোনালোকে আকোৱালী লৈ চাবছোন।হিন্দু-মুছলমানৰ মাজৰ ভেদভাৱৰ দেৱালখন খহাই প্ৰেম আৰু ভাতৃত্ববোধৰ বান্ধোনডাল শক্তিশালী কৰাৰ কথা মাথোঁ এবাৰ ভাবি চাবছোন!!”

 থোকাথুকি মাতেৰে হাতযোৰ কৰি কথাবোৰ কৈ তাই লাহে লাহে নিজৰ অনিশ্চিত লক্ষ্যস্থানলৈ বুলি খোজ দিলে।গধূলীৰ অস্তমিত বেলিটিৰ দৰে তাই বাঁহবাৰী গাৱঁৰ মানুহবোৰৰ জীৱনৰ পৰা অদৃশ্য হৈ গ’ল। গাঁৱৰ ভকতকেইজন আৰু বাকীবোৰৰ অন্তৰাত্মাক জোঁকাৰি ফাতিমা গ’লগৈ।হিন্দু-মুছলমানৰ মাজৰ ভেদভাৱৰ দেৱালখনত প্ৰচণ্ড আঘাত হানি তাই গ’লগৈ।এই আঘাতে নিশ্চয় এক আশাপূৰ্ণ পৰিণাম আনিব।

  –“ধৰ্মৰ উদ্দেশ্য মানুহৰ মাজত প্ৰেম আৰু ভালপোৱা বিলোৱাহে, ঘৃণা নহয়!!”

short moral based stories

©️প্ৰাঞ্জল কেওঁট 

To read my other story:Click here

To read various news:Click here

short moral based stories

Share this post...
Share on Facebook
Facebook
Tweet about this on Twitter
Twitter
Email this to someone
email

Related Post

3 Replies to “Short Moral Based Stories:Manobota”

Leave a Reply

Your email address will not be published. Required fields are marked *