Short Love Story:Xirunam

short love story

short love story

শিৰোনাম(গল্প)

short love story

(short love story)

নতুন গল্পৰ বাবে বিষয় বিচাৰি লেখক যাদব বৰাই ফেচবুকৰ জগতত খোজ থ’লে।উদ্দেশ্য এটাই;ফেচবুকত কিছুমান নিৰ্দিষ্ট ব্যক্তিৰ লগত কথা পাতি ব্যক্তিজনৰ চৰিত্ৰক বুজি তাৰ ওপৰত এটা গল্প লিখা।তাৰবাবে তেওঁ লাগতিয়াল প্ৰক্ৰিয়াও আৰম্ভ কৰি দিলে।ফেচবুক এপৰ হ’ম পেজত থকা “পিপল ইউ মে ন’ ” ত পোৱা ব্যক্তিবোৰৰ এফালৰ পৰা প্ৰফাইল খুলি প্ৰত্যেকৰে বায়’ত চকু ফুৰাব ধৰিলে।দুই-তিনিদিন তেনেকৈয়ে পাৰ হৈ গ’ল।চকুত পৰা ধৰণৰ বায়’ লেখক বৰাৰ দৃষ্টিগোচৰ নহ’ল।যাদব বৰাৰ বয়স ৩১-৩২ৰ ভিতৰত হ’ব।লিখা-মেলাত ব্যস্ত থাকে বাবে বিবাহৰ কথা মনলৈ বৰাৰ অহাই নাই।

–“জীয়াই থকা দিনকেইটা আমি প্ৰত্যেকে প্ৰত্যেকৰ হৈ জীয়াই থাকোঁ আহকচোন”–এজনী ছোৱালীৰ প্ৰফাইলত এদিন ৰাতিপুৱা ফেচবুক খুলি উক্ত বায়’টো পঢ়ি যাদব বৰাৰ চকু থৰ হৈ ৰ’ল।
…কেইমুহূৰ্তমান কিবা চিন্তা কৰাৰ পিছত তেওঁ ছোৱালীজনীলৈ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই দিলে।ছোৱালীজনীৰ নাম আছিল কাকলি কলিতা;ঘৰ বিশ্বনাথ চাৰিআলি।ছোৱালীজনীৰ দিপি চোৱাত যাদব বৰাই বিশেষ গুৰুত্ব নিদিলে,যিহেতু তেওঁৰ আচল উদ্দেশ্য ছোৱালীজনীৰ মানসিকতা আৰু আচাৰ-ব্যৱহাৰ জনাৰ হে আছিল।সেইবাবে অকল নাম আৰু বায়’ চায়েই ছোৱালীজনীলৈ তেওঁ ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই দিলে।ৰাতিলৈ ছোৱালীজনীয়ে ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ত কৰিলে।

ফ্ৰেণ্ড ৰিকুৱেষ্ট একচেপ্ত কৰাৰ পিছত কেনেকৈ ছোৱালীজনীৰ লগত কথা বতৰা আৰম্ভ কৰিব তাকে যাদব বৰাই ভবা-গুনা কৰিবলৈ ধৰিলে।ছোৱালীৰ লগত ফেচবুকত কথাৰ পতাৰ ক্ষেত্ৰত সম্পূৰ্ণ অনভিজ্ঞ যাদব বৰা।…ভয়ে ভয়ে বৰাই ফেচবুক মেছেঞ্জাৰত গৈ কাকলিলৈ বুলি মবাইলৰ কীব’ৰ্ড অত মেচেজ টাইপ কৰিলে—
:হাই।
আনফালৰ পৰা ৰিপ্লাই আহিল–
:হেল্ল’।
যাদব বৰাৰ আঙুলিকেইটাই মবাইলৰ কীব’ৰ্ডৰ ওপৰত পৰৱৰ্তী নিৰ্দেশৰ বাবে অপেক্ষা কৰি ৰ’ল।…মুহূৰ্তৰ জিৰণীৰ পিছত বৰাৰ আঙুলিকেইটা পুনৰাই কীব’ৰ্ডৰ আখৰবোৰৰ ওপৰত নাচি উঠিল।

:তোমাৰ বায়’ পঢ়ি ভাল লাগিল।তোমাৰ দৰে চিন্তাধাৰাৰ মানুহ আজিৰ জগতত পোৱা টান।সকলোৱে মাথোঁ স্বাৰ্থপৰ হৈ জীয়াই থাকিব খোজা হৈছে।

:স্বাৰ্থপৰতাই জানোঁ মানুহৰ আত্মাক সন্তুষ্ট কৰিব পাৰে!নিশ্চয় নোৱাৰে। আৰু আত্মা সন্তুষ্ট নহ’লে ভগবানো সন্তুষ্ট নহয়!

–কাকলি কলিতাৰ তত্বগধুৰ কথা শুনি যাদব বৰাৰ মুখত উদ্দেশ্য পূৰণৰ হাঁহি বিৰিঙি উঠিল।তেওঁৰ নতুন গল্পটোৰ বাবে এইগৰাকী ছোৱালীয়ে যে উত্তম বিষয়বস্তু হ’ব সেইটো উপলব্ধি কৰাত তেওঁৰ অলপো অসুবিধা নহ’ল।

লাহে লাহে কাকলিৰ লগত যাদব বৰাৰ সঘন কথা-বতৰা হ’ব ধৰিলে ফেচবুক মেছেঞ্জাৰৰ জৰিয়তে।যাদব বৰাৰ উদ্দেশ্য আছিল আৰু গভীৰকৈ কাকলিৰ বিষয়ে জনা।আৰু কাকলিৰ!!…তাই যাদব বৰাৰ লগত কথা পাতিছিল তেওঁক এজন ভাল চৰিত্ৰৰ ল’ৰা বুলি ভাবি।তেওঁৰ লগত কথা পাতি তাই কেতিয়াও অস্বস্তি অনুভৱ কৰা নাছিল।..যাদব বৰাৰ কথাবোৰৰ চৌম্বকীয় শক্তিত তাইৰ মন লাহে লাহে আকৃষ্ট হৈ আহিবলৈ ধৰিলে।যাদব বৰাৰ উদ্দেশ্যৰ বিষয়ে সম্পূৰ্ণ অজ্ঞ কাকলিৰ মনোজগতত যাদব বৰাক লৈ নানা কথা চলিবলৈ ধৰিলে।

ইফালে যাদব বৰাই নিজৰ গল্প লিখা প্ৰক্ৰিয়া আৰম্ভ কৰি দিছিল — যাৰ মূল বিষয়বস্তু আছিল কাকলি।…যাদব বৰাই এদিন তেওঁৰ উদ্দেশ্যেৰ বিষয়ে কাকলিক কৈ দিয়াৰ সিদ্ধান্ত ল’লে।তেওঁ বিচৰা নাছিল যে কাকলিক অন্ধকাৰত ৰাখি তেওঁ নিজৰ উদ্দেশ্য পূৰণ কৰক।সেইবাবে এদিন মেচেজৰ যোগেদি তেওঁ কাকলিক সকলো কথা ক’বলৈ কিব’ৰ্ডত টাইপ কৰিলে–

:মই তোমাৰ লগত ইমানকৈ কথা পাতোঁ, তুমি চাগে মোক ভূলে বুজিছা!!তোমাৰ লগত ইমানকৈ কথা পতাৰ মোৰ অন্তনিৰ্হিত উদ্দেশ্যটো হ’ল–মই তোমাৰ ওপৰত ভিত্তি কৰি এটা গল্প লিখি আছোঁ।ফেচবুকত মই ভৰি দিছিলো গল্পৰ বাবে বিষয়বস্তু বিচাৰিয়েই।তোমাৰ বায়’ পঢ়ি মোৰ গল্পৰ বাবে তুমি উপযুক্ত বিষয়বস্তু হ’বা বুলি ঠাৱৰ কৰি তোমাৰ লগত কথা পাতিব লৈছিলো।

যাদব বৰাৰ কথা শুনি কাকলিৰ খুব হাঁহি উঠিল।(মই বাৰু গল্পৰ বিষয়বস্তু হ’ব পাৰোনে।এনেকুৱা একোটো নাই মোৰ গাত!)কাকলিয়ে মনে মনে ভাবিলে।(তেওঁ নিজৰ উদ্দেশ্যৰ কথা ক’লে, এতিয়া এই সুযোগতে তাই নিজৰ উদ্দেশ্যৰ কথা কৈ দিয়াই ভাল হ’ব।কিয় তাই ইমানকৈ কথা পাতে তেওঁৰ লগত,কি বিচাৰে তাই ,সকলো আজি তাই তেওঁক কৈ দিব।হাজাৰ ভাবনাৰ বোজা তাই আৰু বুকুত গোপনে কঢ়িয়াই লৈ ফুৰিব নোৱাৰে আৰু!!)মনতে এইবোৰ ভবা-গুনা কৰি তাই মবাইলৰ কীব’ৰ্ডত আঙুলি থলে।

:আপুনি নিজৰ উদ্দেশ্যৰ কথা ক’লে,এতিয়া মই মোৰ উদ্দেশ্যৰ কথা কম।মই আপোনাৰ লগত কথা পাতোঁ আপোনাৰ সুন্দৰ কথাবোৰ শুনি।আপোনাৰ কথাবোৰে মোক মুহিত কৰে।(অলপপৰ কাকলিৰ আঙুলিকেইটা স্তব্ধ হৈ পৰিল।অলপপৰ পাছত পুনৰাই কাকলিৰ আঙুলিকেইটা সক্ৰিয় হ’ল।) আপোনাৰ গল্পৰ বিষয়বস্তুৰ বাহিৰে মই আপোনাৰ জীৱনত এক সুকীয়া স্থানৰ দাবীদাৰ বুলি আপুনি নাভাবেনে? মই আপোনাৰ গল্পৰ মাথোঁ এটা বিষয়বস্তু হৈয়ে ৰৈ যাব নুখুজোঁ।মই আপোনাৰ জীৱন কাহিনীৰ শিৰোনাম হ’ব খোজোঁ!!!

নিজৰ মনৰ ভাবনাক মেচেজতে জীৱন্ত ৰূপ দি কাকলিয়ে যাদব বৰালৈ পঠিয়াই দিলে।ইমানদিনে লুকুৱাই ৰখা মনৰ ভাবনাক তাই আজি বৰাৰ আগত উজাগৰ কৰি এক বেলেগ প্ৰশান্তি লভিলে।

কাকলিৰ কথাবোৰে নিসংগ যাদব বৰাৰ মনোজগতত ভাবনাৰ ধুমুহা আনিলে।লেখা-মেলাৰ মাজতে ব্যস্ত থকা বৰাই প্ৰেমৰ অনুভূতিক আজি পোনপ্ৰথমবাৰ বুকুত অনুভৱ কৰিলে।এক অদ্ভুত অনুভূতি।এক অদ্ভুত শিহৰণ।এই অনুভূতি আৰু শিহৰণৰ ককটেল পনীয় সেৱন কৰি বৰা নিচাগ্ৰস্ত হৈ পৰিল।এইয়া যে প্ৰেমৰ নিচা,এইয়া যে ভালপোৱাৰ নিচা!!যি নিচাই সলনি কৰে বৰাৰ দৰে সকলোৰে জীৱন।…নিজৰ ভাবনাক চম্ভালি কাকলিলৈ বৰাই নিজৰ মনৰ ভাবনাক উজাগৰ কৰিবলৈ মেচেজ দিলে—

:ফেচবুকলৈ আহিছিলো মই বেলেগ এটা উদ্দেশ্য লৈ।তোমাৰ লগত গল্পৰ বাবে কথা পাতি বিষয়বস্তু বিচাৰি পালোঁ জীৱনৰ আটাইতকৈ সুন্দৰ অনুভূতি প্ৰেমক।হৃদয়ৰ বেদখল ভূমিক আজিৰপৰা তোমাৰ নামত চিৰদিনৰ বাবে নামজাৰি কৰিলোঁ!!

প্ৰেমে কি কৰিব নোৱাৰে!!প্ৰেমে মানুহৰ জীৱনৰ উদ্দেশ্যক ইউ টাৰ্ন মৰাই সলনি কৰিব পাৰে!!প্ৰেমে নিৰস জীৱনত সপোনৰ হাজাৰ ৰঙ সিচিব পাৰে।

©️প্ৰাঞ্জল কেওঁট

To read my other story:Click here

To read various news:Click here

short love story

Share this post...
Share on Facebook
Facebook
Tweet about this on Twitter
Twitter
Email this to someone
email

Related Post

2 Replies to “Short Love Story:Xirunam”

Leave a Reply

Your email address will not be published. Required fields are marked *