Sad Story that makes you cry:Dukh ek karun kahini

sad story that makes you cry

         দুখ(গল্প)

sa story that makes you cry

(sad story that makes you cry)

সম্পৰ্কবোৰো অদ্ভুত;কেতিয়া ৰূপ সলাই ধৰিবকে নোৱাৰি । এসময়ৰ আপোন মানুহজনো কেতিয়াবা  অচিনাকী হৈ পৰে সময়ৰ সোঁতত!নিজ পুত্ৰৰ আজি বুঢ়া বিয়া ।প্ৰথমা পত্নীৰ লগত বিবাহ বিচ্ছেদ হোৱাৰ পিছত পুত্ৰই কাষৰ গাঁৱৰে এজনী ছোৱালী পলোৱাই আনিলে ।

সেইজনী ছোৱালীৰ লগতে আজি পুত্ৰৰ বুঢ়া বিয়া ।কিন্তু এই বিবাহলৈ দেউতাকক মতা নাই পুত্ৰই ।বিবাহো কাষৰ ঘৰত পাতিছে কাৰণ দেউতাকৰ লগত পুত্ৰৰ সম্পৰ্ক ভাল নহয় ।অদ্ভুত,অবিস্বাস্য!!পিতা-পুত্ৰৰ এই সম্পৰ্কই কেনেদৰে আৰু কিয় এই ৰূপ পালে তাক জানিবলৈ হ’লে আমি অতীতলৈ যাব লাগিব ।

গল্পৰ মুখ্য চৰিত্ৰ পিতা আৰু পুত্ৰৰ নাম ক্ৰমে ইন্দ্ৰেশ্বৰ আৰু লক্ষী ।লক্ষীৰ দুজনী বায়েক আৰু এজনী ভনীয়েক আছিল ।খেতি-বাতি কৰিয়ে দেউতাকে পৰিয়ালটোক পোহপাল দিছিল। সকলোৰে মাজত মৰম, মিলা-প্ৰীতি আছিল ।বহুত স্মৰণীয় সময় আছিল দেউতাকৰ বাবে সেইখিনি সময়। সকলোৰে মাজত মৰম, মিলা-প্ৰীতি দেখি দেউতাকে নিজৰ কষ্টখিনি পাহৰি গৈছিল ।কিন্তু দেউতাকে হয়তো সপোনতো ভবা নাছিল যে সময়ে এদিন ওলোটাখৰ মাৰি সকলোবোৰ সলনি কৰি দিব ! দেউতাকে ছোৱালী তিনিজনীক পঢ়া-শুনা নকৰালে । সেই সময়ত অভিভাৱকে ছোৱালীৰ পঢ়া-শুনাত গুৰুত্ব নিদিছিল। ল’ৰাই পঢ়িলে হ’ব বুলি ভাবিছিল।সেইবাবে ইন্দ্ৰেশ্বৰে অকল ল’ৰাটোকে পঢ়োৱাই-শুনোৱাই শিক্ষিত কৰিলে ।ছোৱালী দুজনীক বিয়া দিলে উপযুক্ত বয়সত ।কিন্তু সৰু ছোৱালীজনীয়ে দৰা নাপালে দেখনিয়াৰ নহয় দেখি ।লক্ষীয়ে চহৰৰ ফেক্টৰীত সোমাল কাম কৰিব । দুদিনমান পিছত সি ওচৰৰ গাঁৱৰে ছোৱালী এজনী পলোৱাই আনিলে ।

বয়সত যথেষ্ট সৰু আছিল ছোৱালী জনী লক্ষীত কৈ ।সুখকৰ নহ’ল তাইৰ শাহুৱেকৰ ঘৰত দিনবোৰ । হকে বিহকে শাহুৱেকে তাইৰ ভূল-ত্ৰুটি উলিয়াই গালি-শপনি পাৰিব ধৰিলে ।যথেষ্ট শান্ত স্বভাৱৰ আছিল  বাবে তাই সকলো সহ্য কৰি থাকিল ।কিন্তু হ’ল বুলি কিমান দিননো আৰু তাই ইমান অশান্তিৰ মাজত থাকিব ।এদিন তাই গুচি আহিল মাকৰ ঘৰলৈ । গাঁওবুঢ়া আনি সকলো চিঙা-কটা কৰিলে ।এনেকৈয়ে বিবাহ বিচ্ছেদ হ’ল সিহঁতৰ ।এনেকৈয়ে নিজ মাকে নিজ পুতেকৰ সংসাৰ ভাঙিলে।পুতেক আৰু স্বামীয়ে একো ক’বলৈ সাহস নকৰিলে শাহুৱেকক কাৰণ লক্ষীৰ ঘৰত মাকৰ কথাই আইন ।সকলোৱে তাক মানিবলৈ বাধ্য ।

সময় বাগৰিল, লক্ষীয়ে আকৌ এজনী ছোৱালী পলোৱাই আনিলে । এইজনী ছোৱালী কিন্তু আগৰজনীৰ নিচিনা ঠাণ্ডা  নাছিল । কোনোবাই কিবা ক’লে ওলোটাই জবাব দিব জনা ধৰণৰ ছোৱালী আছিল। শাহুৱেকৰ টান কথাৰ বোৱাৰীয়েকেও মুখে মুখে উত্তৰ দিয়া বাবে ভয়ানক কাজিয়া হ’ব ধৰিলে শাহুৱেক আৰু বোৱাৰীয়েকৰ মাজত । ওচৰ-চুবুৰীয়া সকলোৰে অশান্তি হ’ব ধৰিলে এই কাজিয়াৰ বাবে কাৰণ ইমান জোৰে জোৰে চিঞৰি কাজিয়া কৰিছিল যে সকলোৰে অসহ্য লাগি গৈছিল ।বুজালেও শাহুৱেকক ওচৰ চুবুৰীয়াই গৈ  যে কাজিয়া নকৰি মিলা প্ৰীতিৰে থাকক বোৱাৰী লগত বুলি।কিন্তু সকলো বুজন অথলে গ’ল।কাজিয়া লগা বন্ধ নহ’ল।

 কেতিয়াবা কাজিয়াই হাস্যজনক ৰূপো লৈছিল ।শাহুৱেকে কথাৰে জিকিব নোৱাৰি কোনোবাদিনা বোৱাৰীয়েকৰ গাত পানী ঢালি থৈ আহিছিল গৈ।কিন্তু বোৱাৰীয়েকো কম নাছিল ।ঠাই সৰা বাঢ়নী লৈ শাহুৱেকক ওলোটাই  কোবাই থৈ আহিছিল গৈ।এজনী যদি ডালে-ডালে আন এজনী আকৌ পাতে পাতে।কোনেও হাৰ নামানে!!এদিন কাজিয়াই চুড়ান্ত ৰূপ ল’লে।কথাৰে জিকিব নোৱাৰি শাহুৱেকে চোতালত ঠাই সাৰি থকা বোৱাৰীয়েকক চুলিত ধৰি বগৰাই দিলে ।বোৱাৰীয়েকেও শাহুৱেকৰ চুলিত ধৰি ল’লে।মুহূৰ্ততে ঘৰৰ চোতাল মল্লযুদ্ধৰ ৰণক্ষেত্ৰলৈ  পৰ্যবসিত হ’ল। বগৰা বগৰী কৰাত লাগিল চুলিত ধৰি দুয়োজনী ।এজনী যদি আণ্ডাৰটেকাৰ তেন্তে আনজনি আকৌ জন চিনা।কোনেও হাৰ নামানে কাৰণ হাৰিলেই আত্মসন্মানত লাগিব। বাটৰুৱাই এই মল্লযুদ্ধৰ ভালকৈয়ে আমোদ ল’লে ।বিবাহ নহৈ ঘৰতে থকা জীয়েকে এই যুদ্ধৰ অন্ত পেলাবলৈ ওচৰৰ দুই চাৰিঘৰ মানুহৰ ৪-৫ জনীয়া মহিলাৰ বেক্আপ টিম এটা মাতিলে ।বেক্ আপ টিম অহাত হে এই যুদ্ধৰ অন্ত  পৰিল ।

  সদায় এইবোৰ কাজিয়া দেখি শুনি পুতেকৰ অসহ্য লাগি গৈছিল । তথাপি মনে মনে থাকিব ল’গা হৈছিল ।কাৰো পক্ষ ল’ব পৰা নাছিল ।কাৰণ কাৰোবাৰ পক্ষ ললেই যে বিপদ!দেউতাকে ও নিজ পত্নীক বুজাব সাহস নকৰিলে ।পুত্ৰ আৰু দেউতাকৰ এই নীৰৱতাৰ বাবেই এদিন ঘৰ দুভাগ হ’ল।একেখন ঘৰকে দুভাগত বিভক্ত কৰি পুত্ৰ- বোৱাৰীয়েকক বেলেগে থাকিব দিলে শহুৰেকে ।এসময়ৰ সপোনৰ ঘৰখন এনেকে ভাগি যোৱাত দেউতাকৰ এক অসহনীয় দুখ লাগিল ।নীৰৱে সহ্য কৰিলে দেউতাকে এই দুখ।

সময় বাগৰিল ।বোৱাৰী-শাহুৱেকৰ কাজিয়া বন্ধ হ’ল |দেউতাকে ভাবিলে এতিয়া ঘৰৰ সুখ-শান্তি ঘূৰি আহিব । কিন্তু ভবামতে নহ’ল।পত্নী কেন্সাৰ ৰোগত আক্ৰান্ত হ’ল। পত্নীৰ চিকিৎসাৰ বাবে ঘৰৰ মাটি বিক্ৰী কৰিবলগীয়া হ’ল।পুতেকে অলপো সহায় নকৰিলে মাকৰ চিকিৎসাৰ বাবে পইচা পাতি দি । কাৰণ মাকৰ প্ৰতি ইতিমধ্যেই ঘৃণাৰ ভাৱ উৎপন্ন হৈছিল পুতেকৰ মনত মাকৰ কাৰ্যকালাপবোৰৰ বাবে।কেন্সাৰ ৰোগৰ সৈতে যুজি যুজি এদিন মাকৰ মৃত্যু হ’ল।শহুৰেক আৰু ননদৰ কথা হকে বিহকে গিৰিয়েকক লগাই লগাই  গিৰিয়েকৰ লগত সিহঁতৰ মাত বোল বন্ধ কৰোৱালে।মুঠতে লক্ষীৰ দেউতাকৰ দুখৰ ওৰ নপৰা হ’ল। সহজ সৰল দেউতাকে সকলো দুখ অকলে সহ্য কৰি গ’ল। অবিবাহিতা জীয়েকৰ আগত কেতিয়াও নিজৰ দুখ প্ৰকাশ পাব নিদিলে। এয়াই এজন দেউতাকৰ জীয়েকৰ প্ৰতি থকা গভীৰ স্নেহ!

আজি নিজ পুত্ৰৰ বুঢ়া বিয়া, এই বিয়ালৈ নিমন্ত্ৰণ দিয়া নাই পিতৃক। নিজ পিতৃৰ প্ৰতি ইমান ঘৃণাৰ ভাৱ পত্নীয়ে মনত ভৰাই দিলে যে আজি এই পৰ্যায় পালেগৈ। পুত্ৰ-বোৱাৰীয়েকৰ মনত ওখল মাখল লাগিছে বিয়া বুলি আৰু দেউতাকৰ মনত এক বুজাব নোৱাৰা দুখ।’মোৰ পুত্ৰই আজি মোক নিজৰ বিয়াত নামাতিলে!ইমান পৰ হৈ গলোনে মই?’ দেউতাকে ঘৰৰ ভিতৰত বিচনাত বাগৰি অতীত ৰোমন্থন কৰিব ধৰিলে। ‘কিমান সুন্দৰ আছিল ঘৰখন মোৰ, কেনেকৈ যে  থানবান হৈ গ’ল। মৰম-স্নেহবোৰ ক’ত যে হেৰাই গ’ল !’এইবোৰ ভাবি ভাবি দীঘল হুমুনিয়াহ এটা উলাই আহিল ইন্দ্ৰেশ্বৰৰ মুখেদি ।

©প্ৰাঞ্জল কেওঁট

To read my last story:Click here

sad story that makes you cry

To read news:Click here

Share this post...
Share on Facebook
Facebook
Tweet about this on Twitter
Twitter
Email this to someone
email

Related Post

2 Replies to “Sad Story that makes you cry:Dukh ek karun kahini”

Leave a Reply

Your email address will not be published. Required fields are marked *