Skip to content
new assamese funny story
পোৰা বস্তা (ৰস ৰচনা)

(new assamese funny story)
জেঠমহীয়া বিকট গৰম।দিনটো খেতিপথাৰত কৃষি কৰ্ম কৰি গধূলি ভাগৰি ঘৰলৈ আহি আহিনাই ঘৈনিয়েকে বনোৱা ভাতখিনি তৃপ্তিৰে খাই কোঠাত থকা ফেনখন চলাই বিছনাত শুই পৰিল।ঘৈনিয়েকো শুই পৰিল অলপপৰ পিছত কাঁহী বাতি ধুই আজৰি হৈ। …দুপৰ নিশা ক’ৰবাৰ পৰা এক পোৰা পোৰা গোন্ধ এটা আহি আহিনাৰ নাকত লাগিল।গোন্ধটো পাই অহিনাৰ টোপনি ভাগিল। বিচনাতে বহি লৈ গোন্ধটোৰ উৎসৰ বিষয়ে ভবাগুনা কৰি শেষত কোঠাৰ কাৰেণ্টৰ তাৰ জ্বলা বুলি ভাবি আহিনাই লৰালৰিকৈ উঠি গৈ ফেনৰ চুইচ অফ কৰি আহি আকৌ শুই পৰিল।ৰাতিটো ফেন নোহোৱাকৈয়ে কষ্টেৰে পাৰ কৰিলে দুয়ো গিৰিয়েক ঘৈনীয়েকে।
পিছদিনা আহিনাৰ ঘৈনিয়েক চেনী শেষ হোৱাত কাষৰ ঘৰখনৰ পৰা চেনী আনিবলৈ যাওঁতে কথাই কথাই ৰাতিৰ কথাটো ওলাল।
:কালি ৰাতি ভালকৈ টোপনিয়ে নাহিল আমাৰ জান’।পোৰা পোৰা গোন্ধ পাই আমাৰ তেওঁ কাৰেন্টৰ তাৰ জ্বলা বুলি ভাবি ফেনখন বন্ধ কৰি দিলে।বিচনিও নাছিল। বিচনাত ইচাত বিচাত কৰিয়ে পাৰ কৰিলোঁ দুয়ো ৰাতিটো।(আহিনাৰ ঘৈনীয়েক কমলাই চেনিমাইক গহীন হৈ কথাখিনি ক’লে)।
:হা: হা:, হেৰৌ সেয়া কৰেণ্টৰ তাৰ জ্বলা নাছিল।আমাৰ এওঁ মহ নাহিবৰ কাৰণে গোহালিৰ পিছফালে পুৰণা বস্তা এটা জ্বলাই দিছিল।তাৰেই গোন্ধ পালি তহঁতে।(কথাখিনি কৈ চেনিমায়ে আকৌ খিলখিলাই হাঁহি উঠিল।)
কথাখিনি শুনি কমলা হতবাক হ’ল।কিয় জানো তাইৰ চেনিমাইৰ হাঁহি দেখি বৰ এটা ভাল নালাগিল। চেনিমাইলৈ ঘোপাকৈ চাৱনি এটা দি তাই চেনিমাইৰ ঘৰৰপৰা গুচি আহিল।
:আও, মই আকৌ কি জগৰ লগালোঁ। ইয়াকে কয় বোলে উৰহীৰ খং ভঙা ঢাৰীৰ ওপৰত উলিওৱা!!হা: হা:।
(ধুমুহাৰ গতিত যোৱা কমলাৰ খং দেখি চেনীমাইৰ খুব হাঁহি উঠিল।)
এটা পোৰা বস্তাই কমলাহঁতক জেঠমহীয়া বিহু দেখুৱালে।
© প্ৰাঞ্জল কেওঁট
To read my other story:Click here
To read various news:Click here
new assamese funny story
One Reply to “new assamese funny story:Pura Bosta”