Skip to content
moral story
সাৱধান(গল্প)
moral 
(moral story)
‘প্ৰত্যেক ভাল কৰ্মৰ আঁৰৰ উদ্দেশ্য ভাল নহ’বও পাৰে!’
ব্যৱসায়ী প্ৰদ্যুৎ আৰু ৰমেন দুয়ো কলেজীয়া দিনৰে বন্ধু।কলেজীয়া শিক্ষা সমাপ্ত কৰি দুয়ো এদিন আলোচনা কৰি ব্যৱসায় কৰাৰ সিদ্ধান্ত ল’লে।সেইমতে প্ৰদ্যুতে হাৰ্ডৱেৰ দোকান খুলি ব্যৱসায়ত বহিল আৰু ৰমেনে গেলামালৰ দোকান খুলি ব্যৱসায়ত বহিল।প্ৰদ্যুতে নিজৰ ব্যৱসায়ীক নিপুণতা আৰু পাৰদৰ্শিতাৰ বলত নিজৰ ব্যৱসায়ক দিনে দিনে উচ্চৰ পৰা উচ্চতৰ পৰ্যায়লৈ লৈ গ’ল।ইফালে ৰমেনে ব্যৱসায়ীক অদূৰদৰ্শিতাৰ পৰিচয় দি নিজৰ ব্যৱসায়ক দিনে দিনে অৰ্দ্ধমুখী কৰিলে।নিজৰ ব্যৱসায়িক বিফলতা আৰু বন্ধুৰ সফলতাই ৰমেনৰ চকুৰ টোপনি হৰিলে।
‘কি কৰিম,কি নকৰিম’ এই ধৰণৰ অনেক ভাবনাই ৰমেনৰ মনত আগা দেৱা কৰিব ধৰিলে।নিজৰ ব্যৱসায়ীক বিফলতাৰ হতাশা আৰু বন্ধুৰ দিনে দিনে বাঢ়ি অহা উন্নতিৰ ছবিখন দেখি ৰমেনৰ মনত ঈৰ্ষাৰ সৃষ্টি হ’ল।
ৰমেন এদিন প্ৰদ্যুতৰ ঘৰলৈ ফুৰিবলৈ আহোঁতে প্ৰদ্যুতে ৰমেনৰ আগত বনকৰা ল’ৰা এটা লগাৰ কথা কথাৰ মাজতে উল্লেখ কৰিলে।ৰমেনে বনকৰা ল’ৰা এটা বিচাৰি দিয়াৰ প্ৰতিশ্ৰুতি দিলে।….কেইদিনমান পিছত ৰমেনে ১৩-১৪ বছৰীয়া বনকৰা ল’ৰা এটা বিচাৰি আনি প্ৰদ্যুতক দিলে।তাৰ নাম আছিল ৰঘু। প্ৰদ্যুতে বৰ ভাল পালে।(তাৰ পত্নীৰ কষ্ট অলপ অন্ততঃ লাঘব হ’ব!!)সি ৰমেনক সাৱটি ধৰি ধন্যবাদ দিলে।ৰমেনৰ ওঁঠত এটা কুটিল হাঁহি বিৰিঙি উঠিল।
নিজৰ পৰিয়ালৰ সদস্যৰ দৰেই প্ৰদ্যুতে ৰঘুক ঘৰত স্থান দিলে,মৰম-আদৰ কৰিলে।’ৰমেনে আনি দিছে যেতিয়া ভাল ল’ৰাই হ’ব’-এইবুলি ভাবি প্ৰদ্যুতে কেতিয়াও ৰঘুক সন্দেহৰ চকুৰে চোৱা নাছিল।লাহে লাহে ঘৰৰ প্ৰতিটো কোণাৰ লগত ৰঘুৰ পৰিচয় হ’ল।কি বস্তু ক’ত আছে, সকলো সি গম পালে।…আৰু এদিন,সোণৰ গহণা-টকা পইচা লৈ সি অন্তৰ্ধান হ’ল।প্ৰদ্যুতৰ ঘৰত হাহাকাৰ লাগিল।ৰঘুৱে তেনেকুৱা কাম কৰিব বুলি সিহঁতে ভবাই নাছিল কেতিয়াও।শেষত প্ৰদ্যুতে পুলিচত এজাহাৰ দিলে।
বহু বিচাৰ খোচাৰ কৰাৰ অন্তত পুলিচে ৰঘুক বিচাৰি পালে।ৰঘুক জেৰা কৰি অলংকাৰ আৰু টকা পইচাৰ ও পুলিচে সন্ধান পালে।পুলিচৰ জেৰাত ৰঘুৱে এই চুৰি ৰমেনৰ নিৰ্দেশতহে কৰা বুলি বক্তব্য দিলে।ৰঘুৰ বক্তব্য মতে পুলিচে ৰমেনক গ্ৰেপ্তাৰ কৰিলে।প্ৰদ্যুতক খবৰ দিয়া হ’ল।থানাত গৈ প্ৰদ্যুতে চুৰিৰ মূল নায়কজনৰ কথা শুনি হকবাক হ’ল।
“কিয় তই এনেকুৱা কৰিলি?”-বুলি প্ৰদ্যুতে বাৰে বাৰে সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ ৰমেন সক্ষম নহ’ল।লকআপৰ ভিতৰত মাথোঁ তলমূৰ কৰি ৰ’ল।তাৰ কলেজীয়া বন্ধুক সেইদিনা অচিনাকী অচিনাকী যেন লাগিল।ক’ত তাৰ ভূল হৈ গ’ল সি বুজি নাপালে।সচাঁ বন্ধুত্বৰ এনেকুৱা ফল পাই বুলি সি সপোনতা ভবা নাছিল কেতিয়াও।
আজিৰ দুনীয়াত মানুহৰ কৰ্ম চাই মানুহৰ উদ্দেশ্যক বুজা টান।কোনোবাই আমাৰ বাবে ভাল কিবা কৰিলেই যে তেওঁৰ উদ্দেশ্য ও ভাল হ’ব তাৰ নিশ্চয়তা নাই।ৰমেনেই তাৰ জ্বলন্ত উদাহৰণ।সি প্ৰদ্যুতৰ ঘৰত কাম কৰিবৰ বাবে বনকৰা ল’ৰা এটা বিচাৰি প্ৰদ্যুতৰ দৃষ্টিত ভাল কাম কৰিলেও তাৰ উদ্দেশ্য কিন্তু ভাল নাছিল।তাৰ উদ্দেশ্য তাৰ কৰ্মৰ সম্পূৰ্ণ বিপৰীত আছিল।সেইবাবে আমি প্ৰতিমুহূৰ্ততে চকু মেলি ৰাখিব লাগে।সাৱধান হৈ থাকিব লাগে!!
©️প্ৰাঞ্জল কেওঁট
To read my other story:Click here
To read various news:Click here
moral story
moral story
moral story
moral story
সুন্দৰ হৈছে।।।এনেকুৱা হৈয়ে থাকে সমাজত।।।
ধন্যবাদ বাইদেউ। ।😊😊🙏🙏