moral stories based on values:Dristibhongi

moral stories based on values

moral stories based on values

দৃষ্টিভংগী(গল্প)

moral stories based on values

(moral stories based on values)

সকলো মানুহৰ দৃষ্টিভংগী একে নহয় জগতখনক চোৱাৰ ক্ষেত্ৰত বা মানুহক চোৱাৰ ক্ষেত্ৰত।প্ৰত্যেক মানুহৰ দৃষ্টিভংগীক বেলেগ বেলেগ ৰূপ দিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা লয় সমাজৰ বিভিন্ন উপাদানবোৰে।যাৰ পৰিপ্ৰেক্ষিতত হয়তো কেতিয়াবা এজন মুকলি মনৰ মানুহকো সমাজৰ বাকী লোকসকলে ভুল দৃষ্টিৰে চোৱা পৰিলক্ষিত হয়।ঠিক তেনে ধৰণৰ এক অনাকাংক্ষিত পৰিস্থিতিৰেই মুখামুখি হ’ব লগা হ’ল বিহপুৰীয়া গাঁৱৰ খেতিয়েকৰ পুতেক ৰাতুল।

গাঁৱৰ সকলোৰে মুখত হাঁহি-খিকিন্দালি কৰি হাঁহি বিৰিঙাই ভাল পাই ৰাতুলে।গাঁৱৰ সকলোকে বুকুৰ আপোন ভাবি সি মুকলি মনেৰে সকলোৰে লগত হাঁহি-ধেমালি কৰে।বয়স তাৰ একুৰি দুবছৰ।আৰ্থিক দৈন্যতাৰ বাবে পঢ়া-শুনা আধাতে সামৰি সি পিতৃৰ সৈতে কৃষি কৰ্মত ধৰিলে। তাৰ চিন্তাধাৰা গংগা নদীৰ দৰে পবিত্ৰ।কিন্তু এদিন তাৰ এই গংগা নদীৰ দৰে পবিত্ৰ চিন্তাধাৰাৰ ওপৰত প্ৰশ্নবোধক চিন লগাবলৈ গাঁৱৰ কেইগৰাকীমান মহিলাই কুণ্ঠাবোধ নকৰিলে।

গাঁৱৰ বন্ধুৰ ঘৰলৈ গ’লে বা আন কিবা সকামত গাঁৱৰ ইমূৰৰ পৰা সিমূৰলৈ যাব লগা হ’লে ৰাতুলে বাটতে হওঁক বা মানুহৰ চোতালতেই হওঁক যাকেই দেখে সকলোকে মাত লগাই,ধেমালি কৰে।তাৰ এই স্বভাৱৰ বাবেই গাঁৱৰ প্ৰায়ভাগ লোকে তাক ভাল পাই,মৰম কৰে।দুজনী গাভৰু ছোৱালীৰ মাক ভাদৈ।তাইৰ ছোৱালী দুজনীৰ লগতো ৰাতুলে মাজে-সময়ে ধেমালি কৰে।ভাদৈয়ে কথাটোক অন্য ধৰণেৰে চোৱা নাছিল যিহেতু তাইৰ মনত ৰাতুলৰ চৰিত্ৰক লৈ এটা ভাল ধাৰণা আছিল।পিছে তাইৰ এইৰ ধাৰণাক এদিন সলনি কৰিলে কাষৰে দুজনী মহিলাই নানা ধৰণৰ বেয়া কথা তাইৰ কাণত পেলাই।প্ৰায়ভাগ গাঁৱতেই এনেধৰণৰ মহিলা বিদ্যমান।

-“তোৰ জীয়েৰ দুজনীৰ লগত যে নগেনৰ পুতেক ৰাতুলে হাঁহি-খিকিন্দালি কৰি থাকে,কথাটো কিন্তু ভাল হোৱা নাই দেই!!কি বা ভাব আছে তাৰ মনত!!ডেকা ল’ৰাৰ মন বুজাটো এনেও টান!”ভাদৈয়ে দিয়া তামোলকণ মুখত ভৰাই পাগুলি পাগুলি কাষৰ ঘৰৰ বৌৱেক চন্দ্ৰপ্ৰভাই এদিন আবেলি ভাদৈক কথাষাৰ ক’লে।

-“তাই ঠিকেই কৈছে বুজিছ’।তাক তোৰ জীকেইজনীৰ পৰা আঁতৰত ৰাখিবি।তোৰ ভালৰ বাবেই কৈছোঁ কথাটো আমি!”চন্দ্ৰপ্ৰভাৰ কাষতে বহি থকা আন এজনী মহিলা স্বৰ্ণই চন্দ্ৰপ্ৰভাৰ কথাত হয়ভৰ দি কথাষাৰ ক’লে।

হাজাৰ হ’লেও মাকৰ মন।সন্তানৰ বিপদৰ কথা ক’লে বুকু কঁপিবই!ভাদৈ বিচলিত হ’ল সিহঁত দুজনীৰ কথা শুনি।…সিহঁত দুজনী তাইৰ ঘৰৰ পৰা যোৱাৰ পিছত তাই বহুত ভাবিলে।ভাবি-গুনি তাই এটা সিদ্ধান্ত লৈ পেলালে।

দেউবৰীয়া বজাৰৰ পৰা ওলটি আহোঁতে ৰাতুলে এদিন ভাদৈৰ ছোৱালী দুজনীৰ বাবে মৰ্টন লৈ আহিল।ভাদৈৰ পদূলিমুখ পাই সি তাইৰ জীয়েক দুজনীক মাতিছিলহে মাত্ৰ ,ভাদৈ ফেঁটি সাপৰ দৰে ফেট মেলি ঘৰৰ ভিতৰৰ পৰা ওলাই আহিল।

-“কি হ’ল অ’ তোৰ, তই সদায় সদায় যে আহি মোৰ ছোৱালী দুজনীৰ লগত চুপতি মাৰি থাক’,তোৰ লাজ নালাগে নেকি??”শান্ত সমাহিত ভাদৈয়ে ৰুক্ষ কণ্ঠেৰে ৰাতুলক জেৰা কৰিলে।ভাদৈৰ তেনে কথাত আৰু ব্যৱহাৰত ৰাতুল হতভম্ব হৈ পৰিল।প্ৰতিমুহূৰ্তত তাৰ ওঁঠত থকা হাঁহিটো ও ভাদৈৰ কথাষাৰ শুনি অন্তৰ্ধান হ’ল।

-“খুড়ীদেউ,এইয়া আপুনি কি কৈছে!!মই সিহঁত দুজনীক নিজৰ ভনীৰ দৰে ভাবোঁ।তাতে একেখন গাঁৱৰে ছোৱালী,সেইবুলি ধেমালি কৰোঁ। কোনো বেয়া উদ্দেশ্য নাই মোৰ খুড়ীদেউ।এনেবোৰ কথা কৈ মোক মনোকষ্ট নিদিব ,মই হাতজোৰ কৰিছোঁ।”থোকাথুকি মাতেৰে সি কথাখিনি ক’লে।মানুহৰ মুখত হাঁহি বিৰিঙাই ভাল পোৱা পোৱা ল’ৰাটোৰ দুচকুতে আজি চকুপানী।নিয়তিৰ কি পৰিহাস!!

-“এইচব বাদ দে, মুঠতে তই আজিৰপৰা আমাৰ ঘৰত ভৰি নিদিবি,আৰু মোৰ ছোৱালী দুজনীকো মাতবোল নকৰিবি।যা তই এতিয়া।তোৰ লগত মুখৰ খজুৱতি মাৰি থাকিবলৈ মোৰ সময় নাই!!”মাতৃ মমতাত বাধ্য হৈ ভাদৈৰ ৰাতুললৈ বুলি শেষ নিৰ্দেশ।
…উৰ্ধস্বৰত কোৱা ভাদৈৰ কথাখিনি ওচৰ-চবুৰীয়াই বহু সময়ৰ পৰা শুনি আছিল।পিছে ঘৰুৱা কথা বুলি কোনো ওলাই নাহিল।অপমানিত আৰু আবেগিক হৈ ৰাতুল ভাদৈৰ ঘৰৰ পৰা নিজৰ ঘৰলৈ গুছি আহিল।ভাদৈৰ ঘৰৰ পৰা সম্পূৰ্ণ এক নতুন ৰাতুল হৈ সি নিজৰ ঘৰলৈ আহিল।গহীন-গম্ভীৰ ৰাতুল!!”ক’ত তাৰ ভুল হ’ল”- তাকে সি ঘৰলৈ আহি বিশ্লেষণ কৰিবলৈ ধৰিলে।বহু বিশ্লেষণ কৰাৰ পিছতো সি তাৰ উত্তৰ নাপালে।

সোনকালেই ৰাতুলৰ ব্যৱহাৰত পৰিৱৰ্তন পৰিস্ফুট হ’ল।হাঁহি-ধেমালি কৰি থকা ল’ৰাটো ক’ৰবাত যেন হেৰাই গ’ল!মাক-দেউতাক,বন্ধু-বান্ধৱ সকলোকে তাৰ এই পৰিৱৰ্তিত ৰূপে চিন্তিত কৰিলে।গাঁৱৰ কেইজনমান মানুহ আৰু তাৰ বন্ধু-বান্ধৱ কেইজনে তাৰ পৰিৱৰ্তনৰ আঁৰৰ কাৰণটো জানিছিল।সেইবাবে তেওঁলোক মিলি এদিন ৰাতুলৰ ঘৰলৈ আহিল তাক বুজাবলৈ।

-“ডাঙৰ মানুহে কিবা এটা ক’লেই যেনিবা, তাক মনত ধৰি মনটো গোমোঠা কৰি থাকিব নাপায় নহয় বোপা।ভাদৈয়ে মাকৰ মমতাত বাধ্য হৈহে তোক গালি পাৰিছিল। সেই গালিত আছিল তাইৰ নিজৰ সন্তানৰ প্ৰতি থকা মৰম আৰু ভালপোৱা।মাকৰ মৰম-ভালপোৱাক তই গালি বুলি ধৰি মন বেয়া কৰি আছ’।কথাটো ভাল হৈছে জানোঁ??”-গাঁৱৰ বয়োজ্যেষ্ঠ ব্যক্তি তথা শিক্ষক টংকেশ্বৰে ৰাতুলৰ মূৰত হাত ফুৰাই তাক বুজাবলৈ চেষ্টা কৰিলে।

-“চাৰ,আপুনি ঠিক কথাই কৈছে। মই কথাটো খুড়ীদেউৰ দৃষ্টিৰে চোৱাই নাছিলোঁ,নিজৰ দৃষ্টিৰেহে চাইছিলোঁ। আবেগত মই অন্ধ হৈ গৈছিলোঁ।খুড়ীদেউৱে মাতৃৰ কৰ্তব্য
পালন কৰিছিল।একো ভুল কৰা নাছিল।…ধন্যবাদ চাৰ,মোক কথাখিনি ভালদৰে বুজাই আপুনি মোৰ মনত বাৰে বাৰে আহি থকা প্ৰশ্নটোৰ উত্তৰ দিয়াৰ বাবে।”মুখত হাঁহি বিৰিঙাই ৰাতুলে টংকেশ্বৰ মাষ্টৰক কথাটো ক’লে।

হেৰুৱা হাঁহিটো ৰাতুলৰ মুখত পুনৰ দেখি টংকেশ্বৰ মাষ্টৰ খুউব আনন্দিত হ’ল।
-“এতিয়াহে ৰাতুল,ৰাতুল লাগিছে।মুখত সদায় এইদৰেই হাঁহিটো বিৰিঙাই ৰাখিবি বুজিছ।হেৰাই যাবলৈ নিদিবি হাঁহিটো।..এইখিনিতে তোক আৰু এটা কথা কওঁ।তই যিদৰে মানুহক হহুৱাই ভাল পাৱ,যি দৃষ্টিভংগীৰে তই জগতখনক চাৱ, সেই দৃষ্টিভংগীৰেই তই জগতখনক আগলৈও চাই থাকিবি।তোৰ দৰে দৃষ্টিভংগীৰ মানুহৰ আজিৰ সমাজত বৰ প্ৰয়োজন অ’!যিকোনো পৰিস্থিতিত তই নিজক সলনি নকৰিবি।”কথাখিনি কৈ টংকেশ্বৰ মাষ্টৰে এটি দীঘল হুমুনিয়াহ কাঢ়িলে।
সকলো ঠিক হৈ যোৱাত ৰাতুলৰ পিতৃ-মাতৃ,বন্ধু-বান্ধৱ সকলো সুখী হ’ল।সকলোৱে ৰাতুলৰ লগত হাঁহি-ধেমালি,কথা-বতৰা পাতি চাহ-জলপান খাই ঘৰাঘৰি গ’লগৈ।

সমাজখনক সুস্থিৰ ৰাখিবলৈ সঠিক দৃষ্টিভংগীৰ মানুহৰ খুবেই প্ৰয়োজন।চন্দ্ৰপ্ৰভাৰ দৰে দৃষ্টিভংগীৰ মহিলাই সমাজখনক অস্থিৰ কৰে।আৰু ৰাতুলৰ দৰে দৃষ্টিভংগীৰ পুৰুষে সমাজখনক সুস্থিৰ কৰি ৰাখে।মই এইটো ক’ব খোজা নাই যে পৃথিৱীত কেৱল পুৰুষ ভাল আৰু বাকী সকলো মহিলা বেয়া।গল্পটোৰ পৰা চৰিত্ৰ দুটিক মই উদাহৰণ হিচাপে আগবঢ়াই সঠিক দৃষ্টিভংগী সম্পৰ্কে আপোনালোকক ধাৰণা এটাহে দিব বিচাৰিলোঁ।

©️প্ৰাঞ্জল কেওঁট

To read my other story:Click here

To read various news:Click here

  1. moral stories based on values

Share this post...
Share on Facebook
Facebook
Tweet about this on Twitter
Twitter
Email this to someone
email

Related Post

One Reply to “moral stories based on values:Dristibhongi”

Leave a Reply

Your email address will not be published. Required fields are marked *