love story in written:Natun Diganta

love story in written

love story in written

নতুন দিগন্ত(গল্প)

love stlove story in written

(love story in written)

ফেচবুক–আধুনিক যুগৰ এইখনেই সপোন নগৰী।য’ত প্ৰেম-ভালপোৱাৰ পৰা আৰম্ভ কৰি বেহা-বেপাৰ, সকলোবোৰ চলে।

সদ্য প্ৰেম প্ৰতাৰিত হৈ নিসংগ হৈ পৰা মানসে নিজৰ দুখবোৰ পাতলাবলৈ ফেচবুকত ভৰি থ’লে।তাক এতিয়া প্ৰয়োজন হৈছিল মৰমভৰা এক কান্ধৰ,য’ত মূৰ থৈ সি নিজৰ দুখবোৰ পাহৰিব পাৰে।সেইবাবে সি তাৰ ফ্ৰেণ্ডলিষ্টত থকা সকলো ছোৱালীকে মেচেজ দিবলৈ আৰম্ভ ধৰিলে।জোনে তাৰ মেচেজৰ ৰিপ্লাই দিছিল তাইৰ লগতে সি আৰু কথা পাতিব বিচাৰিলে।পিছে যেতিয়াই সি ‘হাই-হেল্ল’,তোমাৰ খবৰ কি’-ইয়াতকৈ বেছি কথা পাতিব খুজিলে, সকলোৱে তাক ৰিপ্লাই নিদিয়া হ’ল।তাৰ মাজতে এজনী ছোৱালীয়ে তাৰ সকলো কথাৰ ৰিপ্লাই দি থকা সি দেখিলে।তাইৰ নাম আছিল প্ৰিয়ংকা। তাইৰ লগতে সি কথা পাতিব ধৰিলে প্ৰতিদিনে।তাৰ কথা পতাৰ ধৰণটো ভাল আছিল বাবে প্ৰিয়ংকাইয়ো তাৰ লগত কথা পাতি আমনি পোৱা নাছিল।

লাহে লাহে সিহঁতৰ সম্পৰ্ক ঘনিষ্ঠ হ’ল।নিজৰ ব্যক্তিগত জীৱনৰ কথাও বিনিময় কৰিব ধৰিলে সিহঁতে ইটোৱে সিটোৰ লগত।এনেবোৰ ব্যক্তিগত কথাৰ বিনিময়ৰ সময়তে মানসে গম পালে যে প্ৰিয়ংকাৰ কোনো প্ৰেমিক নাই।প্ৰিয়ংকাৰ লগত কথা পাতি মানসৰ ভাল লাগিবলৈ ধৰিলে।তাৰ মগজুৱে প্ৰিয়ংকাৰ পৰা বন্ধুত্ব বিচাৰিছিল, কিন্তু তাৰ ভঙা হৃদয়ে তাইৰ পৰা ভালপোৱা বিচাৰিছিল।
মন আৰু মগজুৰ যুঁজত এদিন মন জয়ী হ’ল।হৃদয়ৰ দাবীত শিৰণত হৈ সি এদিন প্ৰিয়ংকাক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ সিদ্ধান্ত ল’লে।হৃদয়ৰ নিৰ্দেশত এদিন তাৰ আঙুলী ম’বাইলৰ কীব’ৰ্ডৰ ওপৰত নাচি উঠিল।

::তোমাক এটা ডাঙৰ কথা ক’ব ল’গা আছে মোৰ।ভাবিছোঁ কেনেকৈ কওঁ!!

::কি কথানো?নিৰ্ভয়ে কোৱা। (প্ৰিয়ংকাই ব্যগ্ৰতাৰে সুধিলে)

::মই তোমাক ভাল পাই পেলাইছো। তোমাৰ কথা বতৰা বোৰে মোক মুহিত কৰি পেলাইছে।এটা নতুন সম্পৰ্ক আৰম্ভ কৰিব খুজিছো তোমাৰ লগত।

মানসৰ মেচেজ পঢ়ি প্ৰিয়ংকা অলপপৰ মৌন হৈ ৰ’ল।কি উত্তৰ দিব তাই ভাবিবলৈ ধৰিলে।…শব্দ বিচাৰি পোৱাৰ পিছত প্ৰিয়ংকাই আকৌ ম’বাইলত টাইপ কৰিব ধৰিলে।

::তোমাৰ প্ৰেমত প্ৰতাৰিত হৃদয়ক পুনৰ ভালপোৱাৰ প্ৰয়োজন হোৱা নাই।আবেগিক সহায়ৰ হে প্ৰয়োজন হৈছে।বৰ্তমান তুমি মানসিকভাৱে অস্থিৰ হৈ আছা বাবে বুজি পোৱা নাই কথাটো।এগৰাকী বান্ধৱী হিচাপে ও তোমাক মই আবেগিকভাবে সহায় কৰিবলৈ পাৰিম ।
আৰু চোৱা এটা ল’ৰা আৰু এজনী ছোৱালীৰ মাজত প্ৰেম হ’বলৈ হ’লে দুখন হৃদয় সম্পূৰ্ণৰূপে প্ৰস্তুত হ’ব লাগিব।এতিয়া তোমাৰ হৃদয়ো প্ৰস্তুত নহয় আৰু মোৰ হৃদয়ো প্ৰস্তুত নহয় প্ৰেমৰ বাবে।হয়নে নহয় কথাটো তুমি ভাবি চোৱা।

মানসে প্ৰিয়ংকাৰ কথাবোৰ ভালদৰে জুকিয়াই চালে।অৱশেষত সি বুজি পালে প্ৰিয়ংকাৰ কথাবোৰ।

::তুমি ঠিকেই কৈছিলা অ’।মোৰ অস্থিৰ মনে ভূল-শুদ্ধ বিচাৰ কৰিব পৰা নাছিল।সেইবাবে তোমাক প্ৰেমৰ প্ৰস্তাৱ দিয়াৰ ভুলটো কৰিলোঁ। মোক ক্ষমা কৰি দিবা! ‘মনে কি বিচাৰে’- অস্থিৰ হৈ থকা কাৰণে বুজা নাছিলোঁ।তুমি ভালদৰে বুজাই মোৰ মনক নতুন দিগন্ত দেখুৱাই দিলা।ধন্যবাদ তোমাক।তোমাৰ দৰে এগৰাকী মানসিকভাৱে পৰিপক্ক বান্ধৱী পাই মই সঁচাই বহু ভাগ্যৱান মানিছো নিজকে!!
কথাখিনি কৈ মানসে নিজকে পাতল পাতল অনুভৱ কৰিলে।অৱশেষত তাৰ চকু মুকলি হ’ল।

ভঙা হৃদয়েৰে প্ৰেম কৰা নাযায়,প্ৰতাৰণা হে কৰা যায়।আৰু প্ৰতাৰণা মানেই স্বাৰ্থপৰতাৰ অন্য এটা নাম।য’ত স্বাৰ্থপৰতা থাকে, তাত প্ৰেমৰ কোনো স্থান নাথাকে!!

©️প্ৰাঞ্জল কেওঁট

To read my other story:Click here

To read various news:Click here

Share this post...
Share on Facebook
Facebook
Tweet about this on Twitter
Twitter
Email this to someone
email

Related Post

Leave a Reply

Your email address will not be published. Required fields are marked *