Interesting Short Stories:Dumukhiya xap

Interesting Short Stories

Interesting Short Stories

দুমুখীয়া সাপ(গল্প)

Interesting Short Stories(Interesting Short Stories)

ব্যক্তিৰ চৰিত্ৰও আশ্বৰ্য্যকৰ।কোন মুহূৰ্তত সলনি হৈ সন্মুখৰ জনক স্তম্ভিত কৰি তোলে ধৰিবকে নোৱাৰি।
মাক দেউতাক সৰুতে ঢুকুৱাৰ পাছৰে পৰা নিবেদিতা মামাকৰ ঘৰতে থাকি ডাঙৰ-দীঘল হ’বলৈ ধৰিলে।মামাকে তাইক বহুত মৰম কৰিছিল।কিন্তু বিয়া পতাৰ পিছৰে পৰা মামাকৰ ব্যৱহাৰ তাইৰ প্ৰতি বহুত বেয়া হৈ পৰিল।যিখন মুখৰ পৰা বিয়াৰ আগত নিবেদিতাৰ বাবে মৌ বৰষিছিল,সেইখন মুখ বিয়াৰ পিছত যেন সলনি হৈ পৰিল!!স্তম্ভিত হৈ পৰিছিল তাই মামাকৰ এই পৰিৱৰ্তিত ব্যৱহাৰ দেখি। মামীয়েকেও তাইক চকু পাৰি দেখিব নোৱাৰিছিল। কথাই প্ৰতি ককৰ্থনা;হাজাৰ ওজৰ-আপত্তি। সকলো ওজৰ-আপত্তি,মানসিক অত্যাচাৰ নেওচি কালক্ৰমত নিবেদিতাই মেট্ৰিকৰ দেউনা পাৰ কৰিলে প্ৰথম বিভাগত দুটা বিষয়ত লেটাৰ মাৰ্কসহ।

মেট্ৰিক পাছ কৰি তাই চহৰৰ ডাঙৰ হোটেল এখনত ৰিচিপচনিষ্ট’ৰ চাকৰি এটাত সোমাল।মামায়েকে আৰু তাইক পঢ়োৱাৰ ইচ্ছা প্ৰকাশ নকৰিলে।সেইবাবে চাকৰিতে সোমাল তাই।কেইপইচা আৰ্জিলে অন্ততঃ মামাক-মামীয়েকেৰ ককৰ্থনা কমিব।…হোটেলত চাকৰি কৰি থকা কালতে নিবেদিতাৰ নিৰস জীৱনত প্ৰেমৰ আগমণ ঘটিল।যৌৱনৰ প্ৰথম প্ৰেমে নিবেদিতাৰ বুকুত খলকনি তুলিলে।হাঁহিব পাহৰা ছোৱালীজনীয়ে আকৌ হাঁহিব শিকিলে।প্ৰেমিকৰ নাম ৰাজেন।সি সেইখন হোটেলটে চিকিউৰিটীমেন হিচাপে কাম কৰে।ৰাজেনৰ প্ৰেমে তাইৰ চকুত সপোনৰ অজস্ৰ ৰঙ সিঁচি দিলে।লাহে লাহে তাইৰ ব্যৱহাৰৰ পৰিৱৰ্তন হ’বলৈ ধৰিলে।এই পৰিৱৰ্তন তাইৰ মামাক-মামীয়েকেৰ দৃষ্টিগোচৰ নোহোৱাকৈ নাথাকিল।তাইৰ প্ৰেমৰ কথাটো মামাক-মামীয়েকে গম পাই পেটে-পেটে ভালেই পালে।

–এইক যে ভালপোৱা ল’ৰাটোৰ লগত পলাই যাবলৈকে দিয়াৰ ব্যৱস্থা কৰক সোনকালে।বিয়া দি অযথা খৰচ কৰাৰ দৰকাৰ নাই।এই আঁতৰিলে আমাৰো শান্তি।

মামীয়েকে মামাকৰ কাণত এদিন এই বেয়া পৰামৰ্শটো পেলাই দিলে।মামীয়েকৰ নিয়ন্ত্ৰণত থকা মামাকে লগে লগে মানি ললে কথাটো।

–পলাই যাবলৈকে দিম বাৰু কিন্তু তাৰ আগতে ল’ৰাটোৰ ঘৰখন চাই আহিব লাগিছিল নেকি আমি এবাৰ।কেনেকুৱা বা তাৰ ঘৰ,পৰিয়াল!!

মামাকে ভয়ে ভয়ে মামীয়েকেক সুধিলে।

–একো দৰকাৰ নাই ইমানখিনি কৰাৰ। তুমি ল’ৰাটোৰ ঘৰৰ মানুহক ফোন কৰি কোৱা সোনকালে ছোৱালী লৈ যাবলৈ ।

মামাকলৈ বুলি মামীয়েকেৰ অন্তিম নিৰ্দেশ ।…মামীয়েকেৰ অন্তিম নিৰ্দেশ পোৱাৰ পিছত মামীয়েকেৰ কথাক কাৰ্য্যকৰী কৰিবলৈ মামাক ভয়তে তৎপৰ হৈ পৰিল।নিবেদিতাৰ পৰা ৰাজেনৰ দেউতাকৰ ফোন নম্বৰ লৈ মামাকে গোটেই কথাখিনি বিৱৰি ক’লে ৰাজেনৰ দেউতাকক।ৰাজেনৰ ঘৰত মাক-দেউতাকে ইতিমধ্যেই সিহঁত দুটাৰ প্ৰেমৰ কথা গম পাইছিল।

–আমাৰ ছোৱালীক আপোনালোকে আহি আঙুঠি পিন্ধাই লৈ যাবহি।বিয়া নিদিওঁ ,এনেই আঙুঠি পিন্ধাই লৈ যাব। সোনকালে লৈ গ’লে লেঠা মৰে আৰু আমাৰ।কোনদিনা আহিব খবৰ দিব আমাক।

ফোনতে ল’ৰাৰ দেউতাকক মামাকে এই অদ্ভুত প্ৰস্তাৱটো দিলে।ৰাজেনৰ দেউতাক স্তম্ভিত হৈ পৰিল প্ৰস্তাৱটো শুনি।কি উত্তৰ দিব ভাবি নাপাই থেৰোগেৰো কৰি অৱশেষত হ’ব বুলি কৈ ফোনটো থৈ দিলে।

ৰাজেনৰ ঘৰত বহুত আলোচনা চলিল বিষয়টোক লৈ।
ৰাজেনে দেউতাকক ছোৱালীৰ মামাকৰ কথামতেই নিবেদিতাক আঙুঠি পিন্ধাই ঘৰলৈ লৈ অনাৰ কথাটোত জোৰ দিলে।সি আৰু তাৰ প্ৰেয়সীক মামাকৰ ঘৰত কষ্টত থাকিব দিব নিবিচাৰে।ৰাজেনৰ নাচোৰবন্ধা সিদ্ধান্তত সেও মানি দেউতাক-মাকো মান্তি হ’বলৈ বাধ্য হ’ল সেইমতেই ঘৰলৈ বোৱাৰী আনিবলৈ।

ৰাজেনৰ পৰিয়াল আৰু বংশৰ কেইজনমান মানুহ গাড়ী এখন ভাড়া কৰি নিৰ্দিষ্ট দিন এটাত ছোৱালীৰ ঘৰলৈ গৈ আঙুঠি পিন্ধাই ছোৱালীক বোৱাৰী কৰি লৈ আনিলে নিজৰ ঘৰলৈ।অযুত সপোন লৈ নিবেদিতা ৰাজেনৰ ঘৰলৈ আহিল।ৰাজেনৰ ঘৰত সকলোৰে পৰা মৰম-আদৰ পাই তাই অতীতৰ নিজৰ সকলো মানসিক কষ্ট পাহৰিবলৈ ধৰিলে।ৰাজেনৰ মাক-দেউতাক দুখীয়া হ’লেও নিজৰ বোৱাৰীৰ প্ৰতি মৰম-আদৰ দেখুৱাবলৈ অলপো কৃপণালি কৰা নাছিল।নিবেদিতাক ঘৰৰ পৰা উলিয়াই দিয়াৰ পিছত নিবেদিতাৰ খবৰ এটা ল’বলৈ ও মামাক নাহিল।মামাক মামীয়েকেৰ বাবে বোজাস্বৰপ নিবেদিতাক ঘৰৰ পৰা বিদায় দি তেওঁলোকে দায় সাৰিলে।নিবেদিতা আৰু ৰাজেনৰ বিয়াই সামাজিক মান্যতা তেতিয়ালৈকে পোৱা নাছিল।সামাজিক মান্যতা পাবৰ বাবে ৰাজেনৰ মাক-দেউতাকে সিহঁত দুটাৰ বুঢ়া বিয়াৰ আয়োজন কৰিলে।বিয়ালৈ মাতিবলৈ নিবেদিতাই মামাকলৈ ফোন কৰিলে।

–হেল্ল’ মামা ,অহা সোমবাৰে মোৰ বুঢ়া বিয়া।তুমি আৰু মামী আহিবা দেই।মোৰ ঘৰৰ কোনো নাহিলে সমাজত তোমালোকৰ বদনাম হ’ব।লগতে মোৰো বদনাম হ’ব।

নিবেদিতাই মৰমেৰে মামাকক বিয়ালৈ নিমন্ত্ৰণ দিলে।

–নোৱাৰোঁ আমি আহিব,আমাৰ কাম আছে।

মামাকৰ কঠোৰ উত্তৰ।কথাতো কৈয়ে মামাকে ফোনটো কাটি দিলে।
…যাৰ হাতত ধৰি খোজ কাঢ়িব শিকিলে,কথা ক’বলৈ শিকিলে, সেই মামাক কেতিয়াবাই হেৰাই গৈছিল।নিজৰ বিয়াৰ পিছৰে পৰা মামাক দুমুখীয়া সাপ হৈ পৰিছিল।বিয়াৰ আগত এখন মুখেৰে কথা ওলাইছিল আৰু বিয়াৰ পিছত আনখন মুখেৰে কথা ওলাবলৈ ল’লে। চকুপানী ওলাই আহিল তাইৰ মামাকৰ কথা শুনি।আজি তাইৰ মাক-দেউতাক থকা হ’লে কিমান যে মৰমত বিয়া দিলে হয় তাইক!!বিচনাত বাগৰি তাই বুকুৰ সমস্ত দুখ চকুপানীৰে বোৱাই শুই পৰিল।সোনকালেই তাই গভীৰ নিদ্ৰাত মগ্ন হ’ল।

–মাজনী কিয় কান্দিছা,মই আছোঁ নহয় সদায় তোমাৰ লগত।তোমাৰ বিয়াত মই আৰু তোমাৰ দেউতা উপস্থিত থাকিম।আমাৰ মাজনীৰ বিয়াত আমি নাথাকিম নে!চাওঁ চকুপানী মচি দিওঁ মোৰ মাজনীৰ।

এইবুলি মাকে তাইক কোলাত লৈ চকুপানী মচি মৰম কৰিব ধৰিলে।মাকৰ মৰম পাই তাইৰ মুখত মিচিকিয়া হাঁহি বিৰিঙি উঠিল।এটি সপোনে তাইৰ মৰহা মনক সঞ্জীৱণী দি প্ৰাণৱন্ত কৰি তুলিলে।… নিৰ্দিষ্ট দিনত মুখত হাঁহি লৈ তাই বিয়াত বহিল।একো অভাৱ নাছিল তাইৰ আৰু জীৱনত।সপোনত দেখা দি মাকে কৰা সেই মৰমেই তাইৰ হৃদয়ৰ অপূৰ্ণতাক চিৰদিনৰ বাবে আঁতৰ কৰিলে!!

©️প্ৰাঞ্জল কেওঁট

To read my other story:Click here

To read various news:Click here

Interesting Short Stories

Share this post...
Share on Facebook
Facebook
Tweet about this on Twitter
Twitter
Email this to someone
email

Related Post

2 Replies to “Interesting Short Stories:Dumukhiya xap”

Leave a Reply

Your email address will not be published. Required fields are marked *