Skip to content
heart touching short story
সন্মান(গল্প)

(heart touching short story)
কোনো সম্পৰ্কই জটিল নহয়।সম্পৰ্কক জটিল কৰে মাথোঁ মানুহৰ মানসিকতা আৰু আচাৰ-ব্যৱহাৰেহে।সম্পৰ্কৰ মধুৰতাক যদি প্ৰতিজন মানুহে হৃদয়ংগম কৰিব পাৰে,তেতিয়া আৰু জীৱনৰ কোনো ক্ষণতে সম্পৰ্ক তিক্ত হৈ নপৰে।
পাঁচবছৰীয়া প্ৰেমৰ অন্তত নলবাৰীৰ ৰাতুলে তাৰ প্ৰেয়সী ড’লিক যোৰহাটৰ পৰা বিয়া কৰি আনি ঘৰ সুমুৱালেহি।সিহঁতৰ প্ৰেমে কোনো বাধাৰ মুখামুখি নোহোৱাকৈ পূৰ্ণতা পোৱাত দুয়ো স্বস্তিৰ নিশ্বাস ত্যাগ কৰিলে।…চৰকাৰী চাকৰি কৰি ৰাতুলে সিহঁতৰ সংসাৰখনক অৰ্থনৈতিক স্বচ্ছলতা দিলে আৰু ড’লিয়ে ঘৰৰ সকলো কাম-কাজ চম্ভলাৰ লগতে শাহুৱেকক চোৱা-চিতা কৰি সংসাৰখন নিয়াৰিকৈ চলাই নিলে।
সময়ে বাগৰ সলালে আৰু সময়ে ৰাতুল-ড’লিৰ জীৱনত নতুন ৰঙ সানিবলৈ সিহঁতৰ সংসাৰলৈ এজনী কণমানি কন্যাক পঠিয়াই দিলে।পিতৃত্ব আৰু মাতৃত্বৰ আনন্দত দুয়োৰে মন ৰঙালী হ’ল।মৰমত সিহঁতে তাইৰ নামাকৰণ কৰিলে দিম্পী বুলি। পিতৃ-মাতৃ হিচাপে দুয়ো আলফুলে দিম্পীক লালন-পালন কৰিব ধৰিলে।..লাহে লাহে মাকৰ কোলাৰ পৰা নামি দিম্পীয়ে মাটিত আঁঠু লৈ থুনুক থানাক কৈ চুঁচৰিব ধৰিলে।আৰু এদিন দুয়োৰে হাতৰ আঙুলিত ধৰি তাই খোজ কাঢ়িব শিকিলে।দুচকুৰ আগত ঘটা এই সকলোবোৰ ঘটনা মাকৰ সপোন যেন লাগিল!!
পিছে ইমানবোৰ সুখৰ মাজতো ড’লিৰ মনটো যেন পৰিপূৰ্ণ নাছিল।এক অপৰিপূৰ্ণতাৰ ভাবে তাইৰ মনটোক জোকাৰি আছিল।এই অপৰিপূৰ্ণতাৰ আঁৰত আছিল তাইৰ স্বামী ৰাতুল।ৰাতুলৰ ব্যক্তিত্ব আছিল অদ্ভুত ধৰণৰ। সি তাইক মৰম হৃদয় ভৰি কৰে, কিন্তু সৰু সৰু কথাতে ‘চৰ মাৰি দিম,গোৰ মাৰি দিম’ বুলি মাৰিবলৈও উদ্যত হয়।খঙটো তাৰ নাকৰ আগত থাকে।এগৰাকী পত্নী হিচাপে তাই স্বামীগৃহত সকলো দায়িত্ব নিয়াৰিকৈ পালন কৰিছিল অথচ পত্নী হিচাপে পাবলগীয়া সন্মানৰ পৰা তাই বঞ্চিত হৈছিল।বিয়াৰ আগতে তাৰ ব্যক্তিত্ব এনেকুৱা নাছিল।হয়তো সাংসাৰিক দায়িত্ববোৰে তাক পৰিৱৰ্তিত কৰিলে।
কেতিয়াবা স্বামীৰ অসহনীয় ব্যৱহাৰ সহ্য কৰিব নোৱাৰিলে ড’লিয়েও মনৰ সমস্ত খঙৰ বৰ্হিপ্ৰকাশ ঘটায় স্বামীৰ আগত।পিছে তাই খঙৰ ভমকত কোৱা কথাবোৰক হৃদয়ংগম নকৰে ৰাতুলে।আকৌ একেই ব্যৱহাৰৰ পুনৰাবৃত্তি ঘটে কিছু সময়ৰ পিছতে।শেষত তাই নিজৰ সন্তানৰ স্বাৰ্থত আৰু বৈবাহিক জীৱনৰ সুৰক্ষাৰ স্বাৰ্থত স্বামীৰ এই কটু ব্যৱহাৰক গুৰুত্ব নিদিয়া হ’ল।ক’বলৈ গ’লে তাই আত্মসমৰ্পণ কৰিলে নিয়তিৰ আগত!! এইদৰেই তাই ত্যাগ স্বীকাৰ কৰি নিজৰ বৈবাহিক জীৱনক আগুৱাই নিলে।এগৰাকী পত্নী যে মৰমৰ লগতে সন্মানৰো পাত্ৰী সেই কথাটো উপলব্ধি কৰিবলৈ ৰাতুল সক্ষম নহ’ল। এক কথাত ক’বলৈ গ’লে এজন স্বামী হিচাপে সি বিফল হ’ল।
স্বামী গৃহত এগৰাকী স্ত্ৰী মৰমৰ লগতে সন্মানৰো পাত্ৰী।সন্মান অবিহনে কেৱল মাথোঁ মৰমে এগৰাকী স্ত্ৰীক মানসিক পৰিপূৰ্ণতা দিব নোৱাৰে।সাংসাৰিক দায়িত্ববোৰৰ বাবেই হওঁক বা অন্য কিবা কাৰণতেই হওঁক,যিকোনো পৰিস্থিতিতেই পত্নীৰ প্ৰতি স্বামীৰ ব্যৱহাৰ ৰুক্ষ হোৱাটো গ্ৰহণযোগ্য হ’ব নোৱাৰে। বৈবাহিক জীৱনৰ প্ৰতিটো খোজত পত্নীয়ে মুখামুখি হোৱা অসুবিধাবোৰ পৰ্য্যবেক্ষণ কৰি তাৰ তাৎক্ষনিক নিবাৰণ কৰাটো প্ৰতিজন স্বামীৰে সৰ্বপ্ৰথম দায়িত্ব!!
©️প্ৰাঞ্জল কেওঁট
To read my other story:Click here
To read various news:Click here
heart touching short story