Assamese story telling:Sokh

Assamese story telling

Assamese story telling

চখ(গল্প)

Assamese story telling

(Assamese story telling)

:দেউতা, মোক বাইক এখন লাগিব কলেজ যাব কাৰণে।সদায় সদায় বাছত যাব ভাল নালাগে মোৰ।

বাৰান্দাত বহি থকা দেউতাকৰ কাষৰ চকীত বহি লৈ পুতেক পংকজে দেউতাকক আবদাৰ কৰিলে।পুতেকৰ আবদাৰ শুনি দেউতাক এক মুহূৰ্তৰ বাবে গভীৰ ভাবত মগ্ন হ’ল।

:চা বোপাই,তোৰ এইটো চখ পূৰণ কৰিবলৈ তোৰ দেউতাৰাৰ সামৰ্থ্য নাই।খেতি-বাতি কৰি তোক যেনে-তেনে পঢ়াই আছোঁ। দেউতাৰাৰ অৱস্থা তই বুজ।টংকেশ্বৰে নিজৰ পুতেকক মৰমেৰে বুজাবলৈ চেষ্টা কৰিলে।

:হেই দেউতা,পাৰিবা দিয়া।চেষ্টা কৰি চোৱা চোন। পুতেকে আকোঁৰগোজ হৈ ধৰিলে দেউতাকক। 

:চা বোপাই,চখবোৰৰ ওপৰত প্ৰয়োজনীয়তাৰ লেবেল লগাই এই দৰিদ্ৰ বাপেৰৰ সন্মুখত দুমোজাৰ পাহাৰ থিয় নকৰিবি!!আমাৰ দৰে দুখীয়া মানুহবোৰৰ বাবে সেয়া মানসিক চিন্তা আৰু হতাশাৰ কাৰণ হৈ পৰে যেতিয়া আমি চখবোৰক প্ৰয়োজন বুলি ভাবিবলৈ লওঁ।সেইবাবে আমাৰ দৰে দুখীয়া মানুহবোৰে মনত একো চখ লালন-পালন কৰা উচিত নহয়। 

টংকেশ্বৰে জীৱনৰ মূল্যবান শিক্ষা দি পুতেকৰ চকু মোকলাবলৈ চেষ্টা কৰিলে।পুতেকে নিশ্চুপ হৈ শুনি থাকিল দেউতাকৰ কথাবোৰ।…পুতেকক নিশ্চুপ দেখি দেউতাকে পুতেকক আৰু দুটামান কথা কোৱাৰ কথা ভাবিলে যাতে পুতেকৰ মংগল হয়।

:আৰু বোপাই, এইটো সময় তোৰ চখ পূৰণৰ সময় নহয়;জীৱনৰ লক্ষ্য পূৰণৰ বাবে কষ্ট  কৰাৰ সময় হে।এতিয়া যদি তই মনত নানা চখ লালন-পালন কৰ’ তেতিয়া তোৰ পঢ়া-শুনা অধঃপতনে যাব।জীৱনত তই আৰু একো কৰিব নোৱাৰিবি। সেইবাবে এতিয়া তই মাথোঁ ছাত্ৰ হিচাপে নিজৰ কৰ্তব্য পালন কৰি যা।চখ পূৰণৰ বাবে পিছত বহুত সময় পাবি।আগতে নিজকে সামৰ্থ্যবান কৰি ল’।তোক সামৰ্থ্যবান কৰি তুলিব পাৰিলেহে মোৰ আৰু মাৰৰ সপোন পূৰণ হ’ব।আমাৰ কষ্ট সফল হ’ব।

কথাবোৰ কৈ টংকেশ্বৰে এটা দীঘল উশাহ ল’লে।আকোঁৰগোজ পুতেকৰ মুখৰ ভংগিমা সলনি হৈ পৰিল দেউতাকৰ কথাবোৰ শুনি।জ্ঞানৰ পোহৰেৰে প্ৰজ্বলিত হৈ পৰিল তাৰ অন্ধকাৰ মন।

:তুমি ইমান ভালদৰে বুজালা দেউতা কথাবোৰ,মই সকলোবোৰ কথা পৰিষ্কাৰকৈ বুজি পালোঁ।মই নিজৰ প্ৰকৃত কাম পাহৰি চখবোৰক প্ৰাথমিকতা দিবলৈ ধৰিছিলো। তুমি সঠিক সময়ত মোৰ চকু মোকলাই মোক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিলা।তোমাৰ দৰে পিতৃ পাই মই সঁচাই নিজকে সৌভাগ্যবান মানিছো। 

দেউতাকৰ চকুত চকু থৈ পুতেকে কথাবোৰ কৈ শেষ কৰি  নিজৰ চকীৰপৰা নামি আহি দেউতাকৰ কোলাত মূৰটো থৈ উচুপি উঠিল। …দেউতাকে দুইহাতেৰে পুতেকৰ মূৰত হাত ফুৰাই তাৰ মনটো স্বাভাৱিক কৰিবলৈ চেষ্টা কৰিলে।

(সঠিক সময়ত বোপাইটোৱে মোৰ কথাবোৰ বুজি পালে।প্ৰভু তোমাক অশেষ ধন্যবাদ।)ওপৰলৈ মূৰ কৰি টংকেশ্বৰে নেদেখাজনক মনতে কৃতজ্ঞতা জনালে।এমোকোৰা শান্তিৰ হাঁহিয়ে টংকেশ্বৰৰ ওঁঠত খলকনি তুলিলে।সেই সময়তে নামঘৰত গধূলিৰ ডবা বাজি উঠিল।দিনটোৰ অন্ত অৱশেষত সুখজনক ভাবে পৰিল টংকেশ্বৰৰ ঘৰত। 

Assamese story telling

©️প্ৰাঞ্জল কেওঁট

To read my other story:Click here

To read different news:Click here

Assamese story telling

Share this post...
Share on Facebook
Facebook
Tweet about this on Twitter
Twitter
Email this to someone
email

Related Post

3 Replies to “Assamese story telling:Sokh”

Leave a Reply

Your email address will not be published. Required fields are marked *