Assamese Funny Story:Honeymoon Puran

Assamese Funny Story

Assamese Funny Story

হানিমুন পুৰাণ(ৰস ৰচনা)

Assamese Funny Story

(Assamese Funny Story)

এমাহ হৈছে লাতু আৰু পৰিৰ বিয়া হোৱা।বিয়াৰ পিছত হানিমুন যোৱাৰ পৰিকল্পনা কৰিলে দুয়ো।দুয়োৱে তাৰবাবে দিন-বাৰো ঠিক কৰিলে।কিন্তু নিজৰ গাৱঁলীয়া হোজা মাক-দেউতাকক কথাটো ক’বলৈ লাজ কৰিলে।কাৰণ,হানিমুন কি শুনিয়ে পোৱা নাই মাক দেউতাকে। হানিমুন যাওঁ ক’লে দুয়োকে কথাটো বহলাই বুজাব লাগিব।সেইবাবে নিৰ্দিষ্ট দিনত লাজতে লাতুৱে ভাবি-গুনি শহুৰেকৰ ঘৰলৈ ফুৰিব যাওঁ বুলি মাক দেউতাকক কৈ হানিমুনলৈ বুলি নেইনিতাল গুচি গ’ল দুসপ্তাহৰ বাবে।

সন্ধিয়ালৈ লাতু-পৰিৰ মোবাইল আউট অফ ৰিচ হৈ গ’ল।লাতুৰ মাক দেউতাকে লাতু আৰু পৰিলৈ ফোন কৰি একো সঁহাৰি নাপাই উপায়হীন হৈ পৰিৰ ঘৰত ফোন লগালে।পৰিৰ মাক দেউতাকে যেতিয়া ক’লে “আমাৰ তালৈ অহা নাই সিহঁত” বুলি তেতিয়া হুৱাদুৱা লাগি গ’ল।বুকু ধপধপাব ধৰিলে দুয়ো পৰিয়ালৰ মানুহৰ। “বাটতে কোনোবাই অপহৰণ কৰিলে নেকি দুয়োকে?”এনে ধৰণৰ হৰেক ৰকমৰ চিন্তাই দুয়ো পৰিয়ালৰ শান্তি হৰিলে।

পিছদিনা পুৱাই লাতুৰ মাক-দেউতাকে পুতেক-বোৱাৰীয়েক নিৰুদ্দেশ হোৱাৰ এজাহাৰ দাখিল কৰিলে থানাত।এজাহাৰ পাই পুলিচ অনুসন্ধানত নামি পৰিল।অৱশেষত দুদিনমান পিছত পুলিচে নৱ দম্পতীক বিচাৰি পালে।দুয়োকে ধৰি পুলিচে সিহঁতৰ নিকটবৰ্তী থানালৈ লৈ আনিলে।পৰিৰ মাক দেউতাকৰ লগতে লাতুৰ মাক-দেউতাকো আউলি-বাউলী হৈ থানা পালেগৈ।থানাৰ চকীত তলমূৰ কৰি বহি থকা পুতেক-বোৱাৰীয়েকলৈ চাই শাহুৱেকে সুধিলে,

–“ক’লৈ গৈছিলি অ’ তহঁত?কোনোবাই অপহৰণ কৰি নিছিল নেকি?

–“আমি নেইনিতাল গৈছিলোঁ।অপহৰণ কৰা নাছিল, আমি নিজেই গৈছিলোঁ। “….লাজে লাজে ক’লে লাতুৱে।

–“কি কৰিব গৈছিলি তালৈ তহঁত দুটা? শহুৰেকৰ প্ৰশ্ন।

–“হানিমুনৰ কাৰনে গৈছিলোঁ।”ভয়ে লাজে পুতেকৰ উত্তৰ।

–“এই হানিমুন মানে কিনো?আজিহে শুনিছো নামটো দেখোন!!” শাহুৱেকে চকুৱে মুখে প্ৰশ্নৰ ভাব প্ৰকট কৰি পুতেকক সুধিলে।

পুতেক-বোৱাৰীয়েকে তলমূৰ কৰি মুৰটো ভাজ কৰি ইটোৱে সিটোৰ মুখলৈ চাই ৰ’ল।অ’চি চাৰ আৰু কনিষ্টবল কেইজনে খিকখিকাই হাঁহি উঠিল।

“বাইদেউ বিয়াৰ পিছত যেতিয়া স্বামী-স্ত্ৰী ফুৰিবলৈ কোনোবা ভাল ঠাইলৈ যায় সেইটোকে হানিমুন বুলি কয়।আপোনালোকৰ দিনত সেইবোৰ নাছিল।আজিকালি এইটো চলি আছে।…বেচেৰাহঁতৰ হানিমুন গৈ কিবামুনহে হ’লগৈ!! ” কথাটো কৈ অ’চি চাৰে আকৌ খিলখিলাই হাঁহি উঠিল।

সেমেনা-সেমেনী কৈ পৰিৰ মাক-দেউতাক আৰু লাতুৰ মাক-দেউতাক থানাৰ পৰা ওলাই আহিল।লাজো পালে আৰু হাঁহি ও উঠিল তেওঁলোকৰ লাতু-পৰিৰ লাজলগা চেহেৰা দেখি । লাতু-পৰি ও বেলেগকৈ ঘৰলৈ গুচি আহিল।মাক-দেউতাকৰ লগত একেলগে ঘৰলৈ আহিবলৈ সিহঁতৰ লাজতে সাহস নহ’ল।হানিমুন পুৰাণৰ অৱশেষত এনেদৰেই অন্ত পৰিল।

©️প্ৰাঞ্জল কেওঁট

To read my other story:Click here

To read various news:Click here

Assamese Funny Story

Share this post...
Share on Facebook
Facebook
Tweet about this on Twitter
Twitter
Email this to someone
email

Related Post

One Reply to “Assamese Funny Story:Honeymoon Puran”

Leave a Reply

Your email address will not be published. Required fields are marked *