a short family story:xomporko

a short family story

a short family story

সম্পৰ্ক(গল্প)

a short family story(a short family story)
সম্পৰ্কবোৰ বিচিত্ৰ আৰু বিচিত্ৰ এই সম্পৰ্কবোৰক বুজাতো আৰু চম্ভালিব পৰাতো ইমান সহজ নহয়।কিয়নো,জীৱনৰ পদে পদে সম্পৰ্কবোৰে ৰঙ সলাই।কাজিয়া, ভুল বুজাবুজি,মানসিক আঘাত আৰু অভিমানে সম্পৰ্কবোৰৰ ৰঙ মুহূৰ্ততে সলনি কৰি দিব পাৰে।এই সকলো ধৰণৰ বেয়া শক্তিৰ পৰা যিকোনো সম্পৰ্কক ৰক্ষা কৰিবলৈ এজন মানুহক প্ৰয়োজন হয়- অসীম ধৈৰ্য্য আৰু অক্লান্ত চেষ্টাৰ।

প্ৰদীপ মেধি এজন সফল ব্যৱসায়ী।গাঁৱৰ পৰা পাঁচ মাইল নিলগৰ চেণ্টাৰত তেওঁৰ এখন ভাৱৰীয়াৰ সাজপাৰৰ দোকান আছে।সেই সাজপাৰবোৰ তেওঁ ভাড়াত দিয়ে।উপাৰ্জন ভালেই হয়।প্ৰদীপ মেধিৰ তিনিটা সন্তান।দুটা ল’ৰা আৰু এজনী ছোৱালী। ছোৱালীজনী সকলোতকৈ সৰু।জীয়েকক বৰ মৰম কৰে প্ৰদীপ মেধিয়ে।সেইজনী জীয়েক অংকিতাই দ্বাদশ শ্ৰেণীত পঢ়ি থকা কালতে ফেচবুকৰ জৰিয়তে চিনাকী হোৱা ল’ৰা এটাৰ প্ৰেমত পৰি এদিন কলেজলৈ বুলি ওলাই গৈ আৰু ওলটি নাহিল।ৰাতি ফোনযোগে প্ৰদীপ মেধিয়ে খবৰ পালে যে তেওঁৰ জীয়েক শিৱসাগৰৰ ল’ৰা এটালৈ পলাই গৈছে।ল’ৰা টোৱে চিআৰপিএফত চাকৰি কৰে।খবৰটো পাই প্ৰদীপ মেধি ভয়তে থৰথৰকৈ কঁপিব ধৰিলে।অংকিতাৰ মাকৰো অৱস্থা বেয়া হ’ল কান্দি কাতি।অংকিতাই ফোনতে মাক-দেউতাকৰ লগত কথা পাতি ভয় নকৰিবলৈ ক’লে।পিছদিনা পুৱাই প্ৰদীপ মেধিয়ে পত্নীৰ সৈতে গাড়ী এখন ভাড়া কৰি জীয়েকৰ খবৰ ল’বলৈ গ’ল।ল’ৰা আৰু তাৰ পৰিয়ালৰ লগত কথা পাতি সকলো ঠিকেই দেখাত প্ৰদীপ মেধিয়ে ল’ৰাৰ মাক দেউতাকৰ লগত মন্দিৰতে সিহঁত দুটাৰ বিবাহ কৰাৰ কথা আলোচনা কৰি ঘৰলৈ ওভতি আহিল।নিৰ্দিষ্ট দিন এটাত অংকিতাৰ বিবাহ সম্পন্ন হৈ গ’ল।

অংকিতাৰ বিবাহৰ কিছুদিন পিছতে প্ৰদীপ মেধিৰ ডাঙৰটো ল’ৰা বিদ্যুতে ফেচবুকতে চিনাকী হৈ প্ৰেমত পৰি নিজতকৈ ৮-৯ বছৰ বয়সত ডাঙৰ এগৰাকী ডিভোৰ্চী মহিলাক পলোৱাই আনিলে।প্ৰদীপ মেধিয়ে খঙতে পুতেকক “মোৰ ঘৰত ভৰি থ’বলৈ ও নাহিবি তহঁতে” বুলি ফোনতে শেষ ফৰমান শুনাই দিলে।কৃষি বিষয়া পত্নীৰ সৈতে সি চহৰৰে এপাৰ্টমেন্ট এটাত থাকিবলৈ ল’লে।সি মহিলাগৰাকীক পলুৱাই অনাৰ আগতে ইউনিভাৰ্ছিটি এখনত চিকিউৰিটি গাৰ্ডৰ চাকৰি কৰিছিল।মহিলাগৰাকীক পলোৱাই অনাৰ পিছত সি চাকৰি বাদ দি এপাৰ্টমেন্টতে থাকি ঘৰৰ কাম বন কৰিবলৈ ধৰিলে।

দুবছৰ পিছত প্ৰদীপ মেধিৰ দ্বিতীয় পুত্ৰ বিকাশে ও কাষৰ গাঁৱৰে ছোৱালী এজনীক পলোৱাই আনিলে।প্ৰদীপ মেধিয়ে এইবাৰ ল’ৰাক গালি শপনি পাৰি বেলেগ কৰি দিলে।বিকাশে ছেকেণ্ড হেণ্ড দুচকীয়া বাহনৰ ব্যৱসায় কৰে।ব্যৱসায় ঠিকেই চলে তাৰ।সি সুকীয়াকৈ সিহঁত দুটাৰ বাবে দুটা কোঠা বনাই ল’লে।

অংকিতাৰ গিৰিয়েকৰ চাকৰি কলকাতাত।তাত তাই দুদিনমান থাকি বিৰক্তিবোধ কৰি প্ৰদীপ মেধিৰ ঘৰলৈ গুচি আহিল।তেতিয়াৰে পৰা গিৰিয়েক ঘৰলৈ আহিলে গিৰিয়েকক তাই শহুৰেকৰ ঘৰলৈকে মাতি পঠাই।শিৱসাগৰৰ পৰা গিৰিয়েক তেজপুৰৰ এখন ভিতৰুৱা গাঁও নতুন ঘটুৱালৈ আহিব লগা হয়।শহুৰেকৰ ঘৰত কাম কৰিব লাগিব বুলি অংকিতা তেওঁলোকৰ ঘৰলৈকে নাযায়।তেনেকৈয়ে দিনবোৰ পাৰ হ’বলৈ ধৰিলে।

সময়ে ডাঙৰ পুত্ৰ বিদ্যুতৰ প্ৰতি থকা সকলো খং-অভিমানক প্ৰদীপ মেধিৰ বুকুৰ পৰা মচি নিলে। লাহে লাহে ডাঙৰ পুত্ৰৰ লগত প্ৰদীপ মেধিৰ ফোনযোগে যোগাযোগ হ’ বলৈ ধৰিলে আৰু পিছলৈ ঘৰলৈকো অহাৰ অনুমতি সি লাভ কৰিলে।পত্নী স্বাতীৰ সৈতে সি গাঁৱৰ ঘৰলৈ প্ৰায়ে আহিব ল’লে।স্বাতীক প্ৰদীপ মেধিৰ পৰিয়ালে আকোৱালি ল’লে।সময় বাগৰিল আৰু এদিন বিদ্যুত আৰু স্বাতী এটি কন্যা সন্তানৰ পিতৃ-মাতৃ হ’ ল।নাতিনীয়েকক পাই প্ৰদীপ মেধি আৰু পত্নীৰ সুখৰ অন্ত নোহোৱা হ’ ল।যেতিয়াই বিদ্যুতহঁত ঘৰলৈ আহে তেতিয়াই দুয়ো ককাক আইতাকে নাতিনীয়েকক হিয়া জোকাৰি মৰম কৰে।নিজ জীক ককাক আইতাকে কৰা মৰম স্বচক্ষে প্ৰত্যক্ষ কৰি মাক স্বাতী আপ্লুত হৈ পৰে।

সকলো ঠিকেই চলি আছিল স্বাতীৰ বাবে অংকিতা মাতৃ হোৱাৰ আগলৈকে।অংকিতা মাতৃ হোৱাৰ পিছৰে পৰা ককাক আইতাকৰ মৰম স্বাতীৰ জীয়েকৰ প্ৰতি সম্পূৰ্ণ সলনি হৈ গ’ল।ককাক আইতাকে স্বাতীৰ ছোৱালীক সম্পূৰ্ণ আওকান কৰিব ধৰিলে।সকলো সময়ত নিজৰ জীয়েকৰ কন্যা সন্তানটিৰ লগতে নিজকে ব্যস্ত ৰাখিবলৈ ধৰিলে। স্বাতীয়ে চাকৰিৰ পৰা আজৰি পালেই গাঁৱৰ ঘৰলৈ আহে, কিন্তু প্ৰতি দিনে ককাক আইতাকে তাইৰ জীয়েকক আওকান কৰি অংকিতাৰ সন্তানটিৰ লগতে ব্যস্ত থাকে।এই কথাটোৱে স্বাতীক বহুত কষ্ট দিবলৈ ধৰিলে।নিজৰ মনোকষ্টৰ কথা তাই গিৰিয়েকক অৱগত কৰিলে যদিও গিৰিয়েকে কোনো গুৰুত্বই নিদিলে তাইৰ কথাত।… শেষত তাই এদিন আবেগৰ বশৱৰ্তী হৈ ফেচবুকত নিজৰ মনৰ ভিতৰত জমা হৈ থকা পঞ্জীভূত দুখৰ বৰ্হিপ্ৰকাশ কৰিলে।শাহুৱেক আৰু শহুৰেকৰ ফটোৰ লগত এক অক্ষোভনীয় কেপচন দি তাই সেইটো ফেচবুকত আপলোড কৰি দিলে।

বৌৱেকৰ পোষ্টটো দেখি অংকিতাই পোষ্টটোৰ কথা মাক দেউতাকক কৈ দিলে।নিজৰ ঘৰুৱা কথাক এইদৰে বোৱাৰীয়েকে সকলোৰে আগত প্ৰকাশ কৰি দুয়োৰে মানহানি কৰা দেখি দুয়ো বহুত আঘাট পালে।দুয়ো বোৱাৰীয়েকৰ সৈতে চিৰদিনৰ বাবে সম্পৰ্ক ছেদ কৰিলে।কাৰণ ফেচবুকত পোষ্ট দি স্বাতীয়ে শাহুৱেক আৰু শহুৰেকৰ যি অপমান কৰিলে, সেই অপমান তেওঁলোকৰ পক্ষে পাহৰাটো সম্ভৱপৰ নাছিল।

এইদৰেই শেষ হৈ গ’ল এটি সম্পৰ্ক।স্বাতীৰ দৰে মূৰ্খামি ভৰা আৰু অবিবেচক কাণ্ডই সংবেদনশীল সম্পৰ্কক মূহুৰ্ততে চাৰখাৰ কৰি পেলাই।কাৰোবাৰ প্ৰতি খং বা অভিমান থাকিলে আমি আবেগৰ বশৱৰ্ত্তী নহৈ ধৈৰ্য্যৰে মনক চম্ভালিব পাৰিলে একো অঘটন নঘটে।আবেগৰ নিয়ন্ত্ৰনাধীন হ’লেই মনে আমাক সম্পৰ্কধ্বংসী কাম কৰিবলৈ উদগণি যোগায়!!

©️প্ৰাঞ্জল কেওঁট

To read my other stories:Click here

To read various news:Click here

a short family story

Share this post...
Share on Facebook
Facebook
Tweet about this on Twitter
Twitter
Email this to someone
email

Related Post

5 Replies to “a short family story:xomporko”

Leave a Reply

Your email address will not be published. Required fields are marked *